ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

খবৰ ল'বলৈ আহৰি নাই কেন্দ্ৰীয় চৰকাৰৰ

প্ৰলংকৰী বান আৰু ভূমিস্খলনৰ ফলত অসমৰ ছয় খন জিলাত আজিও অব্যাহত আছে অবৰ্ণনীয় অৱস্থা।

ইয়াৰ মাজতে ভূতৰ ওপৰ দানহ পৰা দি বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা কৰা হৈছে। বান আৰ ভূমিস্খলনৰ ফলত কালি ডিমা হাচাও জিলাৰ কেইবা ঠাইতো ৰে’ল দলং উটি যোৱাকে ধৰি ৰে’ল লাইন বিধ্বস্ত হোৱাৰ ফলত উক্ত পথছোৱাৰে ৰে’লৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। আজিও লামডিং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ কমেও ৫০ টা স্থানত ভূমিস্খলন ঘটাৰ খবৰ আহিছে।

সমগ্ৰ পথছোৱাত এতিয়া বহু ঠাইতে ৰে’ল লাইনৰ চিন-মোকাম নোহোৱা হৈ পৰিছে। ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে লামডিঙত বাহৰ পাতি পৰস্থিতি পৰ্যবেক্ষণ কৰি আছে। ৰে’ল বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে লামডিং-বদৰপুৰ ৰে’লপথেৰে ৰে’ল যাতায়াত স্বাভাৱিক হৈ উঠিবলৈ কমেও চাৰি মাহ সময় লাগিব। বৰাককে ধৰি মিজোৰাম , ত্ৰিপুৰা আদি ৰাজ্যলৈ ৰে’লেৰে খাদ্য সামগ্ৰী মূলতঃ এই পথেৰেই সৰবৰাহ কৰা হয়।

সেয়ে ৰে’লপথছোৱা মাহৰ পিছত মাহ ধৰি বন্ধ হৈ থাকিলে বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ পূৰ্ণ আশংকা আশংকা আছে। অৱশ্যে শ্বিলং হৈ স্থলপথেৰে উক্ত স্থানসমূহলৈ খাদ্য সামগ্ৰী সৰবৰাহ কৰাৰ সুবিধা আছে যদিও বৃহত্তৰ অঞ্চলটোৰ খাদ্যৰ চাহিদা কেৱল স্থল পথেৰে খাদ্য সৰবৰাবহ কৰি পূৰণ কৰিব পৰা যাব নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছে। বছৰৰ প্ৰথমটো বানতে অসমৰ ছয় জিলাত বান আৰু ভূমিস্খলনে কালান্তক ৰূপ ধাৰণ কৰিছে।

মূল বাৰিষাৰ দিনবোৰত ৰাজ্যৰ বান পৰস্থিতি কিমান বেছি বেয়াৰ দিশে ধাৱমান হয় তাকেলৈ এতিয়া ৰাজ্যবাসী চিন্তিত হৈ পৰিছে। অসমৰ ছয় খন জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধিয়ে অসমলৈ আহি পৰিস্থিতিৰ বুজ লোৱা নাই অথবা সংকটকালত ৰাজ্য খনলৈ কোনো সাহায্যও সাহায্যও ঘোষণা কৰা নাই।


ইপিনে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ছয়খন জিলাৰ ৯৪ খন গাঁৱৰ মুঠ ২৪,৬৮১ জন লোক ক্ষতিগ্ৰস্ত হৈছে। বানে সংহাৰী ৰূপ ধাৰণ কৰা জিলা কেইখন হৈছে ক্ৰমে – কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও আৰু কামৰূপ (মেট্ৰো)।

বানপীড়িত জিলাসমূহত ১৭৩২.৭২ হেক্টৰ শস্যভূমিও জলমগ্ন হৈ পৰিছে। কেৱল কাছাৰ জিলাত ২১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সেনা, অৰ্ধ সামৰিক বাহিনী, এছডিআৰএফ, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই কাছাৰ জিলাৰ বানপীড়িত অঞ্চলৰ পৰা ২,১৫০ জন লোকক উদ্ধাৰ কৰিছে।

ভূমিস্খলনৰ বাবে শিলচৰ-লামডিঙৰ মাজত ৰে’লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে।উত্তৰ পূব ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা-বেংগালুৰু হামছফৰ এক্সপ্ৰেছ, ৰাণী কমলাপতি-আগৰতলা স্পেচিয়েল ট্ৰেইন, নতুন দিল্লী-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, আগৰতলা-দেওঘৰ এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আদি কেইবাখনো ৰে’ল।