NORTHEAST NOW (Assamese)

ৰুষ্ট প্ৰকৃতি; জাতিঙ্গা নৈৰ অবতৰীয়া বানত উটি গ’ল তিনিখন ডাম্পাৰ

October 27, 2019 2:17 pm · পংকজ কুমাৰ দেব
Updated: October 27, 2019 5:48 pm

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত ডিমা হাচাও জিলাত অব্যাহত থকা নেৰানেপেৰা বৰষুণে অবতৰীয়া বানৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে নিশাৰ পৰা এতিয়ালৈকে নিৰৱিচ্ছিন্নভাৱে বৰষুণ হৈ আছে। বৰষুণৰ ফলত বুৰ গৈছে পাহাৰীয়া নৈ জাতিঙ্গা,মাহুৰ আৰু দিয়ুঙ।

আৱতৰীয়া বানত হাৰাঙ্গাজাওত পাহাৰীয়া নৈ জাতিঙ্গাৰ ধলে উটুৱাই লৈ যায় তিনিখন দহ চকীয়া ডাম্পাৰ। অবশ্যে ইয়াৰ ফলত প্ৰাণ হানিৰ কোনো খবৰ লাভ কৰা হোৱা নাই।

প্ৰাপ্ত তথ্য অনুসৰি নৈৰ পৰা শিলগুটি, বালি সংগ্ৰহৰ কাৰনে তিনিখন ডাম্পাৰ ৰৈ থকা অৱস্থাত হঠাতে পাহাৰীয়া নৈত সৃষ্টি হোৱা বানে ডাম্পাৰ কেইখন উটুৱাই লৈ যায়।

ইপিনে, হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ ফলত বন্ধ হৈ পৰিছে। তদুপৰি বন্ধ আছে হাফলং-দেহাঙ্গী পথ। উক্ত পথৰ ছনটিলা আৰু  গুঞ্জুঙৰ মাজত ভূমিস্খলন হোৱাৰ বাবে পথটো বন্ধ হৈ পৰে।

জাতিঙ্গা-লামডিং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকূল এলেকাতো ভূমিস্খলনৰ ফলত যোগাযোগ ব্যহত হৈ পৰিছে।

মহকুমা সদৰ মাইবাঙৰ ওপৰেদি যোৱা মাহুৰ নৈৰ জলস্তৰ বৃদ্ধি পাইছে। লামডিং-বদৰপুৰ ৰেইলপথৰ অবস্থাও ভাল নহয়। ৰেইলপথৰ ওপৰেৰে বৰষুণৰ পানী বাগৰিছে।

Related News