জটিল হৈছে বোকাখাত মহকুমাৰ বান পৰিস্থিতি; ৩২খন গাঁৱৰ ২৮০ হেক্টৰ কৃষি ভূমি প্লাৱিত

Haldibari Corridor on 12.07.17 . 02

ফটো: নৰ্থইষ্ট নাও

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ক্ৰমে অৱনতি ঘটিছে বোকাখাত মহকুমাৰ বান পৰিস্থিতি ৷

বিভাগীয় তথ্য মতে বোকাখাত মহকুমাৰ কাজিৰঙা মৌজাৰ ১১ খন গাওঁ , বোকাখাত মৌজাৰ ৯ খন গাওঁ, মহুৰা মৌজাৰ ১১ খন গাওঁ সম্প্ৰতি বানত প্লাৱিত হৈছে ৷

বানত ক্ষতিগ্ৰস্ত হৈছে ২৮০ হেক্টৰ কৃষি ভূমি ৷ প্লাৱিত হোৱা এই কৃষি ভূমিত কৃষকৰ শাক পাচলিৰ বাৰী, আধা পকা বড়ো, শালি ধানৰ কঠিয়া , কুহিয়াৰ তলি, মৰাপাট আদিৰ খেতি আছিল ৷

এই বানত মহকুমাটোৰ ৭৫০০ জন লোক আৰু ৪৫০০তকৈয়ো অধিক পশুধন ক্ষতিগ্ৰস্ত  হৈছে ৷

এতিয়ালৈকে মহকুমাটোত কোনো আশ্ৰয় শিৱিৰ মুকলি কৰা হোৱা নাই যদিও বানাক্ৰান্ত লোকসকলৰ মাজত চাউল, দাইল, নিমখ আৰু মিঠাতেল বিতৰণ কৰা হৈছে বুলি মহকুমা প্ৰশাসনে জনাইছে ৷

ইয়াৰ পাছতো কিন্তু যোগনীয়াআটিৰ মথাউৰিত যোৱা চাৰিদিন ধৰি আশ্ৰয় লৈ থকা বানাক্ৰান্ত পৰিয়ালে কোনোধৰণৰ বান সাহায্য পোৱা নাই বুলি জানিব পৰা গৈছে ৷

বিগত চাৰিটা দিনে মথাউৰিতে আশ্ৰয় লৈ থকা এই পৰিয়াল কেইটাক এমুঠি অন্ন দিবলৈও যেন কাৰো আহৰি নাই ৷

চৰকাৰী সাহায্য আশা ত্যাগ কৰিছে দূৰ্গত পৰিয়াল কেইটাই ৷ ইফালে ক্ৰমে বৃদ্ধি পোৱা বানে মহকুমাটোৰ বিভিন্ন স্থানত কালভাৰ্ট, অস্থায়ী দলং আদি উটুৱাই নিয়াৰ তথ্য পোৱা গৈছে ৷