য়াৰ্লু চাংপোত পুনৰ ভূমিস্খলন : অৰুণাচলত হাই এলাৰ্ট জাৰি

satellite-image

অক্টোবৰৰ ২৯ তৰিখে য়াৰ্লুং চাংপোৰ নামনিত তিব্বতৰ মিলিন ছেকছনত হোৱা ভূমিস্খলনৰ ফলত আৰু এটা কৃত্ৰিম বান্ধৰ সৃষ্টি হৈছে। ফলত ব্ৰহ্মপুত্ৰৰ মূল সূঁতিটোৰ উজনিত জমা হোৱা  পানী যিকোনো সময়তে পাৰ ভাঙি আহি অৰুণাচলত বানপানীৰ আশংকাই দেখা দিছে।

ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা বান্ধ-হ্ৰদটোত পানী ক্ৰমাৎ উপচি আহিছে। উপচি অহা পানী বুধবাৰে ৫-৩০ বজাত অৰুণাচলৰ ছিয়াং জিলাৰ টুটিং আহি পাইছে। এই পানী ৰাতি ১-৩০ মানত পাছিঘাট আহি পোৱাৰ সম্ভাৱনা আছে।

চীনৰ জল সম্পদ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে বুধবাৰে পুৱা ৯-৩০ বজাৰ পৰা বান্ধ-হ্ৰদটোত পানী উপচি আহিবলৈ আৰম্ভ কৰিছিল।

অৰুণাচল প্ৰদেশৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ( Disaster Management Authority of Arunachal Pradesh) তৰফৰ পৰা সাৱধানবাণী জাৰি কৰা হৈছে আৰু উজনি ছিয়া/ছিয়াং আৰু পূব ছিয়াং জিলাৰ নদীপৰীয়া জনসাধাৰণক মাছ মাৰিবলৈ যোৱা, সতোঁৰা, নাওঁ চলোৱা, পিকনিক খোৱা আদিৰ পৰা আঁতৰাই ৰাখিবলৈ প্ৰশাসনক অনুৰোধ জনোৱা হৈছে।

জানিব পৰা মতে এইবাৰৰ বানপানী যোৱা ২০ অক্টোবৰতকৈ কম হ’ব। কোনো অধিক বিপৰ্যয় নহ’ব বুলি আশা কৰা গৈছে। অৱশ্যে, যদিহে বান্ধ-হ্ৰদত ফাঁটৰ সৃষ্টি হয়, তেন্তে পানীৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে। বান্ধ-হ্ৰদৰ পৰা ইৰ্গত হোৱা পানীৰ পৰিমাণ ৩৩০ মিলিয়ন ঘন মিটাৰ বুলি অনুমন কৰা হৈছে।

কৃত্ৰিম উপগ্ৰহৰ পৰা লাব কৰা তথ্য অনুসৰি, বান্ধটোৰ দৈৰ্ঘ্য হৈছে ১.৭ কিঃমিঃ। ১৭ অক্টোবৰত এই দৈৰ্ঘ্য আছিল ৩.৫ কিঃমিঃ। উল্লেখ্য যে অক্টোবৰৰ তৃতীয় সপ্তাহতো য়াংৰ্লু চাংপোত সৃষ্টি হোৱা বান্ধ-হ্ৰদত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে অলপতে অৰুণাচল ইষ্টৰ নিনং ইৰিঙৰ সাংসদগৰাকীয়ে জল সম্পদ ৰাজ্য মন্ত্ৰী অৰ্জুন মেঘৱাললৈ চীনৰ সৈতে জল চুক্তি পুনৰ সম্পাদন কৰাৰ বাবে অনুৰোধ জনাইছিল।

পত্ৰখনত সংসদগৰাকীয়ে আঙুলিয়াই দিছিল যে ভাৰত চীনৰ পৰা আৱশ্যম্ভাৱী জলযুদ্ধৰ ভাবুকিৰ মুখামুখি হৈছে। উল্লেখ্য যে দুয়োখন দেশেই এছিয়াৰ জলস্তম্ভ তিব্বতত উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰক লৈ দুশ্চিন্তাজনক পৰিস্থিতিৰ মুখামুখি হৈ আহিছে।

বিগত ডেৰ বছৰৰ ব্ৰহ্মপত্ৰৰ পানীৰ গুণমানৰ পৰিৱৰ্তন হোৱা, সঘন বানপানীৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (AAPSU)  চীনৰ সৈতে ভাৰতে এক জল চুক্তিত উপনীত হোৱাৰ দাবী জনাই আহিছে।

শেহতীয়াভাৱে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ পূব ছিয়াং, ছিয়াং আৰু উজনি ছিয়াং শখাই পাছিঘাটত এটা প্ৰতিবাদী সমদল উলিয়াইছে।