এফপিঅ’ প্ৰত্যাহাৰ হ’বই পাৰে। তাৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰৰ ভাৱমূৰ্তিত কোনো প্ৰভাৱ নপৰে। শনিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানি সৃষ্ট পৰিস্থিতিৰ ওপৰত এনে আশ্বাসেই দিয়ে। তদুপৰি তেওঁ কয় যে চৰকাৰৰ নিয়ন্ত্ৰকসকলে এই ক্ষেত্ৰত স্বতন্ত্ৰভাৱে কাম কৰি আছে।
বিত্ত মন্ত্ৰীগৰাকীয়ে শনিবাৰে মুম্বাইত ২০২৩-২৪ চনৰ বাজেট-পৰৱৰ্তী সন্মিলনত ভাষণ দিছিল। তেওঁ মনত পেলাই দি কয়, “এয়া প্ৰথম বাৰৰ বাবে নহয় যে এফপিঅ’ ঘূৰাই লোৱা হৈছে।”
কিন্তু আদানি গ্ৰুপৰ সৈতে এলআইচিৰ এক্সপোজাৰৰ বিষয়ে কি হ’ব? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এলআইচিয়ে নিজেই কোম্পানীটোৰ (আদানি) সৈতে তেওঁলোকৰ এক্সপোজাৰৰ বিষয়ে অৱগত কৰিছে।‘’ এলআইচিয়ে এই সপ্তাহত এটা বিবৃতি প্ৰকাশ কৰিছে। ই কৈছে যে আদানি গ্ৰুপৰ মুঠ সম্পত্তিৰ ১ শতাংশতকৈও কম বিনিয়োগ কৰা হৈছে। এইটো এতিয়াও লাভজনক সংখ্যাত আছে। ফলস্বৰূপে এলআইচিৰ গ্ৰাহকসকলৰ এই বিষয়ে ভয় কৰাৰ কাৰণ নাই।
বুধবাৰে, আদানি এণ্টাৰপ্ৰাইজেছে তেওঁলোকৰ ফলো-অন পাব্লিক অ’ফাৰ (এফপিঅ’) প্ৰত্যাহাৰ কৰে। সম্পূৰ্ণৰূপে ছাবস্ক্ৰাইব হোৱা স্বত্বেও বজাৰৰ পৰিস্থিতিৰ বাবে এফপিঅ’ বাতিল কৰা হয়। আদানি এণ্টাৰপ্ৰাইজেছে ইয়াৰ জৰিয়তে প্ৰায় ২০,০০০ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছিল। অধ্যক্ষ গৌতম আদানীয়ে নিজেই ইউটিউবত তাৰ ব্যাখ্যা দিছিল।
বৃহস্পতিবাৰে তেওঁ কৈছিল যে শ্বেয়াৰৰ বৰ্তমানৰ অৱস্থাত এই এফপিঅ’ক লৈ যোৱাটো নৈতিকভাৱে শুদ্ধ নহ’লহেঁতেন। সেয়েহে, বিনিয়োগকাৰীসকলৰ স্বাৰ্থৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
যোৱা ২৪ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শৰ্ট-ছেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানি গ্ৰুপৰ ওপৰত ষ্টক জালিয়াতি, একাউণ্টিং জালিয়াতি আৰু বৃহৎ ঋণৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছত আদানি গ্ৰুপৰ শ্বেয়াৰত হঠাতে পতন নামি আহে। আদানি গ্ৰুপে বাৰে বাৰে এই প্ৰতিবেদনক “ভিত্তিহীন” বুলি অভিহিত কৰিছে। কিন্তু ইয়ে কোনোধৰণে সহায় কৰা নাই। কোম্পানীটোৰ ষ্টকৰ মূল্য দ্ৰুতভাৱে হ্ৰাস পাইছে।