আজি দিছপুৰস্থিত চৰকাৰী আৱাসত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদ মেল সম্বোধন কৰে।
সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, আমাৰ সংবিধানৰ ওপৰত বিশ্বাস আছে।
আমি এক হোৱাৰ সময় এতিয়া। ভাৰতত ক’ৰ’না ভাইৰাছত কৈ বিপদজনক ভাইৰাছ হৈছে সাম্প্ৰদায়িক ভাইৰাছ। মোদী আৰু অমিত শ্বাহৰ ভাইৰাছ আমি ওফৰাব লাগিব, অসমৰ হিমন্ত সৰ্বাৰ ভাইৰাছকক ওফৰাব লাগিব।
কংগ্ৰেছ আৰু এআইয়ুডিএফৰ লগত হোৱা মিত্ৰাক বিজেপিয়ে ৰাজনৈতিক মাইলেজ ল’ব খোজাৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি এআইয়ুডিএফৰ লগত এক হোৱাত বিজেপিয়ে বহু সমালোচনা কৰিছে। বিজেপিয়ে আগতে আজমলৰ লগত হাত মিলাইছিল, আমি দেৰিকৈ মিলাইছো। বিদেশী বিজেপিয়ে আনি আছে আজমলে অনা নাই।
কেৱল এআইয়ুডিএফৰ লগত নহয় আন দল-সংগঠন আৰু ৰাজনৈতিক দলৰ লগত আছো বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
২০০৬ চনত ‘হু ইজ বদৰুদ্দিন’ কৈ মই উজনি অসমত পৰাজয় হৈছিলো বুলিও কয় তৰুণ গগৈয়ে।
যদি আছুৱে ৰাজনৈতিক দল খুলে তেওঁলোকৰ লগত আমি থাকিম। কা বিৰোধিতা কৰাসকলৰ লগত কংগ্ৰেছ আছে।
মন্ত্ৰী হিমন্তৰ সন্দৰ্ভত তেওঁ কয়, মোক যেনেকৈ ঠগি গৈছে, কিছুদিন পিছত মোদীকো ঠগিব। হিমন্ত বিশ্ব শৰ্মা তোষামোদ কৰাত পাৰ্গত। এতিয়া দিনে ৰাতিয়ে সর্বা ভাল ভাল বুলি কৈ আছে। হিমন্তই সৰ্বানন্দক লেং মাৰিব, মোক যেনেকৈ আগতে লেং মাৰিছিল।
সাৰদা কেলেংকাৰী মোক সুধি কৰিছিল নেকি হিমন্তই বুলিও প্ৰশ্ন কৰে।
সকলো কংগ্ৰেছত থাকিব কোনো নাযায়, মইও নাযাওঁ, অযন্তা নেওগ নাযায়।
মই বাৰু টিকট দিছিলো, কিন্তু গৌৰৱ গগৈক এতিয়া সমগ্ৰ ভাৰতে চিনি পায়।
সংবাদ মেলত তৰুণ গগৈয়ে এক ৰাজনৈতিক বিস্ফোৰণ ঘটাই কয় যে প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে কংগ্ৰেছত যোগদান কৰিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিছে।
পুৰণা বিজেপিক টিকট নিদিলে।প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে মোৰ লগত ফোনত যোগাযোগ কৰিছে। তেওঁ কংগ্রেছত যোগদান কৰাৰ সম্ভাৱনা আছে।