আছুৰ অসমীয়া সংজ্ঞাৰ সমৰ্থন! : নিজৰ শাসনত সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ তৰুণ গগৈৰ

‘এইখন চুলেই কোভিদ হোৱাৰ নিচিনা হ’ব’ প্ৰতিবেদনক লৈ গগৈৰ মন্তব্য

Tarun Gogoi

কালি সদৌ অসম ছাত্ৰ সন্থাই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত উল্লেখ থকা অসমীয়াৰ সংজ্ঞা নিৰূপণৰ কথা ৰাজহুৱা কৰাৰ পাছতে ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে।

বুধবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আছুক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও নিজৰ ১৫ বছৰীয়া কাৰ্যকালত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ কৰে।

‘অসমীয়াৰ সংজ্ঞা নিৰূপণত আমাৰ চৰকাৰে কাম কৰিব পৰা নাছিলো৷ আছুৱে দিয়া সংজ্ঞাত এতিয়া সকলোকে সামৰি লৈছে, সেয়ে ইয়াক সমৰ্থন জনাইছো।‘ সংবাদমেলত গগৈয়ে এইদৰে কয়।

ইপিনে, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰে বুলি দাবী কৰি তেওঁ লগতে কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৰুত্বহীন। ‘কা’ আনিব বিচৰা চৰকাৰে গুৰুত্ব নিদিয়ে অসম চুক্তিক৷ সোণোৱালে সকলো কথাতে বদ্ধপৰিকৰ বুলি কৈ থাকে। ‘কা’ৰ ক্ষেত্ৰতো বদ্ধ পৰিকৰ। কা সমৰ্থন কৰিব ৬ নং দফাও কৰিব ই কেনেকৈ সম্ভৱ? জাতি মাটিৰ কথা কয় কিন্তু জাতি-মাটি গৈ আছে।’ সোণোৱালক কটাক্ষ কৰি সংবাদমেলত গগৈয়ে এইদৰে কয়।

তেওঁ লগতে কয় ‘সোণোৱাল চৰকাৰে অসমীয়াক আৰু কিমান প্ৰতাৰণা কৰিব? আমাৰ দিনত একো হোৱা নাই বুলি কয়, কিন্তু ফেন্সিঙ কোনে দিলে? আইআইটি, দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, নুমলীগড় ৰিফাইনেৰী, গেছ ক্ৰেকাৰ ইত্যাদি অসম চুক্তিৰ জৰিয়তে কংগ্ৰেছ চৰকাৰেই কৰিছিল। তেওঁলোকে কিমানখন সত্ৰ বেদখলমুক্ত কৰিলে?’

‘বিজেপিয়ে মাথো আবেগৰ ৰাজনীতি কৰে। এনআৰচি কি কৰিলে বিজেপিয়ে? এনআৰচি কি পৰ্যায়ত আছে কোনেও নাজানে। এনআৰচিখন প্ৰত্যাখানো কৰা নাই বা কাৰ্যকৰীও কৰা নাই। তেন্তে এনআৰচি কৰি কি লাভ হ’ল?’ গগৈয়ে বিজেপিক কটাক্ষ কৰি এইদৰে কয়।

পূৰ্বৰে পৰা এনআৰচিক পেলনীয়া কাগজ কৈ অহা গগৈয়ে পুনৰ সেই কথা দোহাৰি লগতে ৬ নং দফাৰ প্ৰতিবেদনখনত লৈ কয় ‘এনআৰচিতকৈয়ো বেয়া হ’ব ৬ নং দফাৰ প্ৰতিবেদন। এনআৰচিখনটো পেলনীয়া পেপাৰ হ’ল, এইখনটো চুব নোৱাৰা পেপাৰ হ’ব। এইখন চুলেই কোভিড হোৱাৰ নিচিনা হ’ব।‘