লকডাউন : ৰাজ্যত কিমান পৰিমাণে মজুত আছে খাদ্য সামগ্ৰী; যোগান মন্ত্ৰীয়ে দিলে তথ্য

images

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চত সমগ্ৰ দেশত ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পাছত অসমৰ জনসাধাৰণৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী উপলব্ধকৰণৰ সন্দৰ্ভত আজি এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

জনতাভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী গৰাকীয়ে লকডাউনৰ সময়ত অসমৰ জনসাধাৰণৰ বাবে কোনোধৰণৰ খাদ্যবস্তুৰ নাটনি নহয় বুলি নিশ্চয়তা প্ৰদান কৰে।

ফণীভূষণ চৌধুৰীয়ে সংবাদমেলত জিলাসমূহৰ পৰা লাভ কৰা তথ্য অনুসৰি তলত উল্লেখ কৰা পৰিমাণত ৰাজ্যত বৰ্তমান খাদ্য সামগ্ৰী মজুত আছে বুলি কয়।

চাউল- দুই লাখ কুইণ্টল

মচুৰ দাইল- ৬৩ হাজাৰ ৬৫ কুইণ্টল

মগু দাইল- ১০ হাজাৰ ৯২৩ কুইণ্টল

চেনী- ৭৫ হাজাৰ ৫৫২ কুইণ্টল

মিঠাতেল- ৬৫ হাজাৰ ৩৭০ কুইণ্টল

আটা- ১২ হাজাৰ ৮৭৯ কুইণ্টল

পিয়াজ- ১৪,৩০০ কুইণ্টল

নিমখ- ১ লাখ ৩৫ হাজাৰ ৯৯৭ কুইণ্টল

মন্ত্ৰী চৌধুৰীয়ে ইয়াৰোপৰি বৰ্তমানো দাইল, আলুকে ধৰি বহু প্ৰয়োজনীয় সামগ্ৰী ৰাজ্যলৈ আহি আছে বুলিও কয়।

খাদ্যবস্তু পৰিবহণকাৰী ট্ৰাকসমূহ ৰাজ্যত প্ৰৱেশৰ ক্ষেত্ৰত অসম-পশ্চিমবংগ সীমান্তত কিছু পৰিমাণে বাধাৰ সন্মুখিন হৈ আৱদ্ধ হৈ থাকিবলগীয়া হৈ আছে যদিও অসম চৰকাৰে পশ্চিমবংগ চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয়।

আনহাতে, এই সংকতৰ সময়ত কিছু অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ বাতৰি চৰকাৰে লাভ কৰিছে আৰু শীঘ্ৰেই এনে ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে লগতে কয়।

‘‘হোম ডেলিভাৰীৰ সন্দৰ্ভতো পৰৱৰ্তী সময়ত চিন্তা কৰা হ’ব, বৰ্তমান বিভাগত মানুহ কম আছে,’’ চৌধুৰীয়ে কয়।