গুৱাহাটী পদপথত আহাৰ বিতৰণ মহানগৰ আৰক্ষী আয়ুক্তৰ জীয়াৰীৰ

ক’ৰ’না গ্ৰাসত সমগ্ৰ বিশ্ব৷

ভাৰতবৰ্ষত কৰ’না সংক্ৰমন ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া ল’কডাউন ৷

জনসমাগম হ্ৰাস পোৱাৰ বাবে লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ বাবে এই ল’কডাউনৰ সময়ছোৱাত অনাহাৰে দিন কটাব লগা হৈছে মহানগৰীৰ পদপথত বাস কৰা লোকসকলে৷

আজি পদপথৰ লোকসকলক খাদ্য বস্তু বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিলে গুৱাহাটীৰ আৰক্ষী আযুক্ত মুন্না প্ৰসাদ গুপ্তাৰ জীয়ৰীয়ে৷

আৰক্ষী আযুক্তৰ জীয়ৰী গৰাকীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত বিতৰণ খাদ্য সামগ্ৰী। লগতে সজাগ কৰিলে পদপথৰ লোকসকলক৷

অনাহাৰে দিন কটোৱা পদপথৰ লোকসকলক সহায়ৰ বাবে তেওঁৰ সৈতে থিয় দিলে আৰু বহু ব্যক্তি৷

এনেবোৰ দৃশ্যই এতিয়া সকলোকে উৎসাহিত কৰাৰ লগতে যোগাইছে অনুপ্ৰেৰণা৷