আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

ফটো: সংগ্ৰহীত।

কেইসপ্তাহৰ বিৰতিৰ পিছত মণিপুৰত সোমবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজধানী ইম্ফলৰ চেকন অঞ্চলত উত্তেজিত দুটা গোটৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনীক মাতি অনা হৈছে। নতুনকৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চেকন বজাৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ একাংশ লোকৰ মাজত হোৱা বিবাদৰ পিছতে এই অশান্তি আৰম্ভ হয়। প্ৰথমতে দুয়োপক্ষৰ মাজত হতাহতি হয়। ইয়াৰ পিছত লাঠি আৰু অন্যান্য অস্ত্ৰৰে সংঘৰ্ষ আৰম্ভ হয়।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৰাৰ কৌশল নেকি?

এই ঘটনাত আহত হৈছে কেইবাজনো লোক। বজাৰখনৰ কেইবাখনো দোকানত অগ্নিসংযোগ কৰা হয়।

যোৱা ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়।

চৰকাৰৰ তথ্য মতে, খিলঞ্জীয়া মেইটেই জনগোষ্ঠীৰ সৈতে কুকি, জো, আৰু অন্যান্য জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যখনত ৭৩ জন লোকৰ মৃত্যু হৈছে। প্ৰায় ৩০০ লোক গুৰুতৰভাৱে আহত হয়। গোষ্ঠীসংঘৰ্ষৰ ফলত ২৫ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।

লগতে পঢ়ক: আদানীৰ শ্বেয়াৰত ৬টা কোম্পানীৰ সন্দেহজনক ব্যৱসায়; কৈছে উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে

উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পিছতেই ইয়াৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনকেইটা ৰাজপথলৈ ওলাই আহে। সেই ঘটনাৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যখনত সংঘাতৰ পৰিস্থিতি আৰম্ভ হৈছে।