বিদেশে আৰ্হি গ্ৰহণ কৰিবলৈ ওলাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ

AHSEC

প্ৰতিনিধিত্বমূলক ফটো।

প্ৰশ্নকাকত ফাদিল হোৱা আদি ঘটনাক লৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক গালি নিদিব, এইবাৰ শিক্ষা সংসদৰ আৰ্হি গ্ৰহণ কৰাৰ বাবে আগ্ৰহী হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আনুষ্ঠিত কৰি অহা পৰীক্ষা পদ্ধতি সন্দৰ্ভত আগ্ৰহী হৈ মাধ্যমিক শিক্ষা সংসদৰ আৰ্হি গ্ৰহণ কৰাৰ বাবে আগ্ৰহী হৈ পৰিছে চুবুৰীয়া দেশ নেপাল। নেপালৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদৰ এটা বিশেষজ্ঞৰ দল এই সম্পৰ্কত অধ্যয়ন চলোৱাৰ বাবে জুন মাহত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্য্যালয়লৈ আহিব।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈয়ে নেপালৰ পৰা আহিবলগীয়া বিশেষজ্ঞৰ দলটোৱে পৰীক্ষা নিয়ন্ত্ৰণ, তথ্য আৰু যোগাযোগ, চাইবাৰ অপৰাধ আদি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম মাধ্যমিক শিক্ষা সংসদে কেনেদৰে কাম কৰি আছে আদি দিশ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে।

পৰীক্ষা কেন্দ্ৰত ‘জামাৰ’ প্ৰযুক্তিৰ জৰিয়তে ম’বাইল ফোনৰ ব্যৱহাৰ ৰোধ কৰা আদি ক্ষেত্ৰত চকুত লগা পৰিৱৰ্তন সাধন কৰি মাধ্যমিক পৰিষদে সম্পুৰ্ণ স্বচ্ছভাৱে পৰীক্ষা আয়োজন কৰিবলৈ সক্ষম হোৱা বুলি সচিব গৰাকীয়ে উল্লেখ কৰি ফলাফল ঘোষণাৰ দিনাখনে মাৰ্কশ্বীট দিয়াৰ ব্যৱস্থা কৰা হৈছে যিটো আনকি চি বি এছ চিয়ে কৰিব পৰা নাই বুলি মন্তব্য কৰে।

আনহাতে, নেপালৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদে অসমৰ আৰ্হি গ্ৰহণ কৰিবলৈ ওলোৱা কথাটোত উৎফুল্লিত হৈ পৰিছে অসম মাধ্যমিক শিক্ষা সংসদৰ বিষয়া আৰু কৰ্মচাৰীসকল।