কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীৰ আত্মহত্যা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আত্মহত্যা কৰা বনকৰ্মীজনৰ নাম গুনীন্দ্ৰ পাঠক।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৱেষ্টাৰ্ন ৰেঞ্জ বাগৰিৰ- বুঢ়াপাহাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল বনকৰ্মীজন।

দ্বিতীয় বন সুৰক্ষা বাহিনীৰ হাবিলদাৰ হিচাবে কৰ্মৰত আছিল গুনীন্দ্ৰ পাঠক।

বুঢ়াপাহাৰ বনখণ্ড কাৰ্যালয়ৰ আৱাসগৃহত চিপলৈ আজি বিয়লিৰ ভাগত আত্মহত্যা কৰে বনকৰ্মীজনে।

আত্মহননৰ পথ বাচি লোৱা বনকৰ্মীজনৰ ঘৰ বৰপেটাৰ চেঙাত।

গামোচাৰে ডিঙিত চিপলৈ আত্মহত্যা কৰে ৫০ উৰ্দ্ধৰ বনকৰ্মীজনে।

ঘটনাস্থলীত বাগৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

বনকৰ্মী জনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।