চামগুৰিত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, কাম চৰাই উদ্ধাৰ

চামগুৰিত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।

লাওখোৱা অভয়াৰণ্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল অভিযান ।

নিশা গড়াজান বনাঞ্চলিক কায্যালয়ৰ এটি বন বিভাগৰ দলে ৰূপহীহাটৰ দীঘলীত এই অভিযান চলায় ।

অভিযান কালত বন বিভাগৰ দলটোৱে বহু কেইটা কাম আৰু ডাউক চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চোৰাং চিকাৰীৰ দলে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ ৰেকৰ্ডাৰ জব্দ কৰে বন বিভাগৰ দলে।

চোৰাং চিকাৰীয়ে চৰাই চিকাৰ কাৰ্যত ব্যৱহাৰ কৰি আহিছে এই সমূহ অত্যাধুনিক অডিঅ ৰেকৰ্ডাৰ।

অৱশ্যে অভিযানত কোনো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ দলটোৱে।