পুৰণিগুদামৰ বিহু তলিত অৰণ্য মানৱ যাদৱ পায়েঙক সম্বৰ্দ্ধনা : ৪ বহাগৰ দিনটোক ‘গছ বিহু’ হিচাবে পালনৰ আহ্বান পায়েঙৰ

Jadav Payeng

ৰাজ্যৰ সৰ্বত্ৰে ৰঙালী বিহুক কেন্দ্ৰ কৰি এক উখল মাখল পৰিবেশৰ মাজতে নগাঁও জিলাৰ পুৰণিগুদামৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হৈছে বাটৰ বিহু, মঞ্চ বিহুকে আদি কৰি একাধিক মুকলি বিহু অনুষ্ঠান।

পুৰণিগুদামৰ পাৰঘাটত ‘নাট্যম গোষ্ঠী’ নামৰ এটি স্থানীয় অনুষ্ঠানে প্ৰায় এপষেক জুৰি কৰা বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ অন্তত বহাগ বিহুৰ লগত সংগতি ৰাখি সমবেত দৰ্শক ৰাইজৰ সন্মুখত প্ৰায় শতাধিক সৰু-বৰ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শন কৰিলে মুকলি বিহুৰ আটকধুনীয়া অনুষ্ঠান।

উল্লেখ্য যে, নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ হিচাবে পৰিচিত প্ৰকৃতিপ্ৰেমী যাদৱ পায়েং।

বিহু তলিত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথাকে দোহাৰিলে অৰণ্য মানৱ যাদৱ পায়েঙে।

পোন প্ৰথমে বাৰৰ বাবে নগাঁও জিলাৰ পুৰণিগুদামৰ এখন বিহু তলিত উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙে ৪ বহাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু  হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।

এই দিনটোত গছৰ তলত বিহু পাতি অসমীয়াৰ যাউতিযুগীয়া পৰম্পৰাক ৰক্ষা কৰিবৰ বাবে আহ্বান জনাই অৰণ্য মানৱগৰাকীয়ে। গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি মন্তব্য কৰে বিশ্ব দৰবাৰত একাধিক বঁটা তথা সন্মানে বিভূষিত যাদৱ পায়েঙে।

গছ বিহুৰ প্ৰসঙ্গত পায়েঙে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অভিনেত্ৰী বৰষাৰাণী বিষয়াক পূৰ্বে প্ৰদান কৰা পৰামৰ্শৰ বিষয়েও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

ইফালে পুৰণিগুদামৰ পাৰঘাটত নাট্যম গোষ্ঠীৰ উদ্যোগত বিগত এপষেক জোৰা বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ অন্তত অনুষ্ঠিত কৰা মুকলি বিহুৰ তলিত উপস্থিত হোৱা অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদল আৰু এখন ফলক প্ৰদানৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনাও জ্ঞাপন কৰা হয়।

তদুপৰি প্ৰকৃতি তথা মানুহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কৰ্মসমূহৰ সন্দৰ্ভত পায়েঙে বিহু তলিখনত তত্বগধুৰ ভাষণেৰে মন্ত্ৰমুগ্ধ কৰি তুলিলে সমবেত প্ৰায় সহস্ৰাধিক দৰ্শক ৰাইজক।