প্ৰাক্তন আফগান মহিলা সাংসদক গুলীয়াই হত্যা; ৰহস্যজনক তথ্য প্ৰকাশ আৰক্ষীৰ

আফগানিস্তানৰ এগৰাকী প্ৰাক্তন মহিলা আইন প্ৰণেতা ৩২ বছৰীয়া মুৰ্চাল নবিজাদা আৰু তেওঁৰ দেহৰক্ষীক গুলীয়াই হত্যা কৰা হৈছে। ঘটনাটো আফগানিস্তানৰ ৰাজধানী কাবুলৰ মুৰ্চাল নবিজাদাৰ ঘৰত সংঘটিত হয়।

২০২১ চনৰ আগষ্টত তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত কাবুলত যি সামান্য কেইগৰাকীমান মহিলা সাংসদ আছিল, তাৰ ভিতৰত অন্যতম এগৰাকী আছিল নবিজাদা।

কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে কয় যে নবিজাদা আৰু তেওঁৰ এজন দেহৰক্ষীক গুলীয়াই হত্যা কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

স্থানীয় আৰক্ষী প্ৰধান মৌলৱী হামিদুল্লাহ খালিদে জনায় যে প্ৰাক্তন আফগান আইন প্ৰণেতাগৰাকীক দেওবাৰে আবেলি প্ৰায় ৩:০০ বজাত গুলীয়াই হত্যা কৰা হৈছে।

তেওঁ কয় যে নবিজাদাৰ ভাতৃ আৰু দ্বিতীয় নিৰাপত্তাৰক্ষীগৰাকী আহত হয় যদিও তৃতীয় নিৰাপত্তাৰক্ষীগৰাকী টকা আৰু অলংকাৰ লৈ পলাই যায়।