কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিল প্ৰাক্তন এটৰ্ণি জেনেৰেল পদ্মবিভূষণ ছোলি ছোৰাবজীৰ

Soli-Sorabjee

ছোলী ছোৰাবজী। ফাইল ফটো।

কৰ’নাত আক্ৰান্ত হৈ আৰু এগৰাকী দেশৰ প্ৰসিদ্ধ ব্যক্তিৰ দেহাৱসান ঘটিল।

প্ৰাক্তন এটৰ্ণি জেনেৰেল তথা পদ্মবিভূষণ ছোলী ছেৰাবজীৰ কোভিড-১৯ আক্ৰান্ত হৈ শুকুৰবাৰে পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯১বছৰ। দিল্লীৰ এখন বেচৰকাৰী হাস্পাতলত ভৰ্তি হৈ আছিল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেলগৰাকী।

ছোলী ছোৰাবজীৰ মৃত্যুত দেশৰ আইনী মহল শোকস্তব্ধ হৈ পৰিছে।

দেশৰ যিসকল আইনজীৱীক নাম শুনিলেই মানুহে চিনি পায় তাৰ ভিতৰত এগৰাকী অন্যতম আছিল প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলী ছেৰাবজী।

১৯৩০চনত বোম্বেত তেওঁৰ জন্ম হৈছিল। কলেজত আইনৰ শিক্ষাৰ্থী হিচাপে স্বৰ্ণ পদক লাভ কৰিছিল। ১৯৭১চনত বোম্বে হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তা হিচাপে যোগদান কৰিছিল ছোলী ছোৰাবজীয়ে।

ইয়াৰ পাছতে কেৰিয়াৰৰ সোণালী অধ্যায়ৰ সূচনা কৰি তেওঁ দেশৰ ৰাজধানীলৈ আহিছিল। ১৯৭৭ৰ পৰা ১৯৮০চনলৈ তেওঁ দেশৰ দ্বিতীয় সৰ্বোচ্চ আইন বিষয়া ছলিছিটৰ জেনেৰেল আছিল।

তাৰ পাছত দেশৰ সৰ্বোচ্চ আইন বিষয়া এটৰ্ণি জেনেৰেলৰ পদ দুবাৰকৈ অলংকৃত কৰে। প্ৰথমবাৰ ১৯৮৯-৯০ত আৰু দ্বিতীয়বাৰ ১৯৯৮ৰ পৰা ২০০৪লৈকে।

মানৱাধিকাৰ সুৰক্ষা তথা বাক্ স্বাধীনতা ৰক্ষাৰ কামত জড়িত বিশিষ্ট আইনজীৱীগৰাকীক ২০০২চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হয়।

দেশৰ বিশিষ্ট আইনজীৱীগৰাকীয়ে শিখ বিৰোধী হিংসাত ক্ষতিগ্ৰস্তসকলে যাতে ন্যায় পায় তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল।

অৱশেষত মাৰাত্মক কোভিড-১৯ত তেওঁৰ জীৱন নাটৰ সামৰণি পৰিল।