প্ৰাক্তন বিজেপি আৰ পি শৰ্মাই দিলে ২০২১-ৰ নিৰ্বাচনত টিকত বঞ্চিত হ’বলগীয়া বিজেপিৰ প্ৰাৰ্থীৰ তালিকা

আৰ পি শৰ্মা

প্ৰাক্তন বিজেপি সাংসদ তথা ন কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই আগন্তুকত বিধানসভা নিৰ্বাচনত বিজেপিৰ ১৯ গৰাকী বিধায়ক দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ লগতে ক’ৰ’না মহামাৰী শেষ হোৱাৰ বিষয়ে ভবিষ্যতবানী কৰে।

গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আৰ পি শৰ্মাই ২১-ৰ বিধানসভা নিৰ্বাচনত ১৯ গৰাকী বিজেপিৰ বিধায়ক দলীয় টিকতৰ পৰা বঞ্চিত হ’ব বুলি মন্তব্য কৰে।

দলীয় টিকত বঞ্চিত বিধায়ক সকলৰ তালিকা প্ৰস্তুত কৰি ইতিমধ্যে বিজেপিৰ  শীৰ্ষ নেতৃত্বই আৰ এছ এছৰ ওচৰলৈ প্ৰেৰণ কৰিছে বুলিও শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি পৰবৰ্তী সময়ত এই তালিকা ৩০ জনলৈ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে বুলি লগতে কয়।

”হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ লগতে দিছপুৰৰ বিধায়ক অতুল বৰাৰো আগন্তুক বিধান সভা নিৰ্বাচনত টিকট কৰ্টন হোৱাটো নিশ্চিত। গোপনে প্ৰেৰণ কৰা নাম কৰ্টন হ’বলগীয়া তালিকাত থকা বিধায়ক সকল লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰৰ ৫ গৰাকী, তিনিচুকীয়াৰ ২ গৰাকী, ডিব্ৰুগড়ৰ ২ গৰাকী, বৰাক উপত্যকাৰ প্ৰায় ৩ গৰাকী, কামৰূপ গ্রাম্য আৰু কামৰূপ মেট্ৰৰ ৩ গৰাকী,” মই বিজেপি দলৰ ভিতৰুৱা কথা সকলো জানো বুলি এইদৰে মত প্ৰকাশ কৰে প্ৰাক্তন বিজেপিৰ সাংসদ গৰাকীয়ে।

ওপৰৰ পৰা তললৈ, প্ৰদেশৰ পৰা বুথলৈ বিজেপি দল প্ৰায় এতিয়া প্ৰায় শেষ বুলি উল্লেখ কৰি শৰ্মাই কয় যে, পুৰণি যিসকল প্ৰকৃত বিজেপি আছিল সেইসকলৰ দলত গুৰুত্ব নাইকিয়া হ’ল। আৰ এছ এছৰ প্ৰশিক্ষণ লৈ অহা ৭৫-৮০ শতাংশ মানুহ দলত আছিল। মানুহ কিদৰে ভদ্ৰ হৈ মানুহক কথা ক’ব লাগে সেই কথা আৰএছএছে শিকাইছিল। আমাৰ জীৱন ধাৰণ সলনি কৰি দিছিল। সেই সকল মানুহে কেঁচুৰ দৰে মানুহৰ ঘৰে ঘৰে গৈ দলৰ ভেঁটি নিৰ্মাণ কৰিছিল।সেই মানুহ দলত এলাগী হ’ল।

বৰ্তমান দলত যি সকল আহিছে তেওঁলোকৰ উদ্দেশ্যে ঠিকা-ঠুকোলী, চাকৰি-বাকৰি লাগে, মুঠতে লুটিবৰ বাবে আহিছে কাম কৰিবলৈ সেইসকল অহা নাই বুলিও শৰ্মাই কয়।

আনহাতে, ক’ৰ’না কেতিয়া শেষ হ’ব সেই সম্পৰ্কত ভবিষ্যতে বাণী কৰি শৰ্মাই কয় যে, ২৪ এপ্ৰিল ২০২১ত ক’ৰ’না ইয়াৰ পৰা গুচি যাব আৰু মাৰ্চৰ শেষৰ পৰা টালি-টোপলা বান্ধিব।

ৰামৰ দেশত পেট্ৰ’লৰ দাম ৮১ টকা। ৰামৰ দেশত ডিজেল পেট্ৰ’লৰ মাধমাৰ। পেট্ৰল ডিজেলৰ মূল্য একেই । এইটো ৰামৰ অপমান হয় নে নহয় বুলিও প্ৰশ্ন কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে।