NORTHEAST NOW (Assamese)

মৰিয়নীত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা

October 26, 2021 7:24 pm · এন ই নাও নিউজ, গুৱাহাটী

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে মৰিয়নীত। সমষ্টিটোত কুচ-কাৱাজ বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

মৰিয়নীৰ হেমলাই মৰাণ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰে।

মৰিয়নীৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।

সৰ্বানন্দ সোণোৱালৰ লগতে নিৰ্বাচনী সভাত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী সঞ্জয় কিষাণ, বিমল বৰা, বিধায়ক নৱ দলে সহ বিজেপিৰ বহু কৰ্মকৰ্তা।

সকলোৱে মৰিয়নীত ৰূপজ্যোতিক জয়ী কৰাই উন্নয়ন অক্ষুন্ন ৰাখিবলৈ ৰাইজক আহ্বান জনায়।

Related News