বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে : মানিক সৰকাৰ

20-04-19 Baksa- Manik Sarkar election campaign meeting (4)

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ বাক্সাৰ এখন নিৰ্বাচনী সভাত ভাষণ দিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰে। ফটো : য়ু বি

‘’বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে।‘’প্ৰচণ্ড শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণৰ মাজতো বাক্সাৰ ৰাঙাচাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থন অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত এই মন্তব্য কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্ষীয়ান বাওঁপন্থী নেতা মানিক সৰকাৰে।

সভাত ভাষণ দি মাণিক সৰকাৰে কয় যে এই নিৰ্বাচনটো হৈছে গুৰুত্বপূৰ্ণ নিৰ্বাচন। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বক্তব্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ এই জন মুখ্য ন্যায়াধীশে কবলৈ বাধ্য হৈছে যে আজি সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ মতে চলিব নোৱাৰা হৈছে।

দেশৰ কবি সাহিত্যিক, গল্পকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, বুদ্ধিজীৱীয়ে বিজেপি চৰকাৰক পৰাস্ত কৰিবলৈ আহ্বান জনাইছে বুলি উল্লেখ কৰি সৰকাৰে কয় যে দেশত কৃষকৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে কৃষকৰ আত্মহত্যাৰ ঘটনা বাঢ়িছে। কৃষকৰ উন্নতিৰ শ্লোগান ক’ত গ’ল বুলিও মাণিক সৰকাৰে প্ৰশ্ন কৰে।

‘’নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি শাসনলৈ অহা মোদী চৰকাৰে শাসনত বহাৰ পিছত নিৱনুৱাৰ কথা পাহৰিলে। তেওঁলোকে কেৱল মিছা প্ৰতিশ্ৰুতিহে দিলে। ক’লা ধন ঘুৰাই আনি প্ৰতিজন নাগৰিকৰ একাউন্টত ১৫/১৬ লাখ টকা সুমুৱাই দিম বুলি কৈছিল। কিন্তু টকাও নাই আৰু ক’লা ধনৰ গৰাকী এজনকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে,’’-বৰ্ষীয়ান বাওঁপন্থী নেতাজনে কয়।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘’বিজেপি চৰকাৰে কেৱল ৰাইজৰ সম্পদ কৌশলেৰে কৰ্প’ৰেট’ৰ হাতলৈ যোৱাৰ ব্যৱস্থা কৰিলে। এফালে কৰ্প’ৰেটক ধনী কৰিছে আনফালে সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ বাবে উঠিপৰি লাগিছে। তেওঁলোকে ভাৰতবৰ্ষখনক লণ্ড-ভণ্ড কৰিব বিছাৰিছে। আজি সাংবাদিক, লিখক, বুদ্ধিজীৱী, কবি, সাহিত্যিক সকলোকে টাৰ্গেট কৰি লৈছে। এই বিজেপিক আৰু এবাৰ সুযোগ দিলে ভাৰতবৰ্ষ চাৰখাৰ হৈ যাব।‘’

বিজেপিৰ প্ৰতি আক্ৰমণাত্মক সৰকাৰে লগতে কয়, ‘’যোৱা নিৰ্বাচনত বিৰাট মোডী ঢৌৰ পাছতো ভোট বিভাজনৰ সুযোগ লৈ মাত্ৰ ৩১% ভোটেৰে বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। মানুহক মিছা কথা কৈ ভোট লৈছিল। কিন্তু এইবাৰ মোডী চৰকাৰ পতন হোৱাৰ দিশে গতি কৰিছে। হৈ যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত খুব বেয়া ফল কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। হাৰিব বুলি ভাবিয়ে এই দলটোৱে ত্ৰিপুৰাত অভাৱনীয় সন্ত্ৰাস কৰিছে।‘’

তেওঁ দেশৰ এই পৰিস্থিতিত কোকৰাঝাৰ সমষ্টিত বিৰাজ ডেকাৰ দৰে উচ্চ শিক্ষিত আৰু আন্দোলন, সংগ্ৰামৰ অভিজ্ঞতাৰে উঠি অহা প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

কোচ-ৰাজবংশী, বড়ো, সংখ্যালঘুকে ধৰি বিভিন্ন জাতি-জনজাতিৰ অংশ গ্ৰহণেৰে কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী সমিতিৰ সভাপতি ৰজনী দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত মাণিক সৰকাৰৰ উপৰি চিপি আই (এম)ৰ জ্যেষ্ঠ নেতাদ্বয় উদ্ধব বৰ্মন, হেমেন দাসৰ লগতে ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ, কমলা বৰ্মনো উপস্থিত থাকে ।

সভাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক অনা বিজেপি দলৰ সহযোগী বিপিএফ দলৰ প্ৰাৰ্থীক পৰাস্ত কৰিবলৈ জ্যেষ্ঠ নেতা হেমেন দাসে আহ্বান জনায়।

আনহাতে, কোকৰাঝাৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী বিৰাজ ডেকাই যুক্তি পূৰ্ণ আৰু উদাত্ত ভাষণেৰে সকলো অংশৰ ৰাইজৰ মৌলিক প্ৰশ্নসমূহ উত্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা দুদিনত মাণিক সৰকাৰে বিৰাজ ডেকাৰহৈ কেইবাখনো জনসভাত অংশগ্ৰহণ কৰে। শুকুৰবাৰে কোকৰাঝাৰত উপস্থিত হোৱা বৰ্ষীয়ান নেতাগৰাকীয়ে বিজনী আৰু সৰভোগতো নিৰ্বাচনী সভাত ভাষণ দিয়ে।