পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:২০ বজাত পাম এভিনিউৰ নিজৰ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই এক দশকৰো অধিক কাল পূৰ্বে ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। বহুদিন তেওঁ অসুস্থ হৈ আছিল।
কেইমাহমানৰ আগতে তেওঁ গুৰুতৰ শাৰীৰিক সমস্যাত ভুগিছিল আৰু তেওঁৰ উশাহ-নিশাহৰ সমস্যা হোৱাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। লগতে তেওঁৰ বাৰ্দ্ধক্যজনিত বিভিন্ন সমস্যাও আছিল। যোৱা কেইবছৰমানৰ পৰা তেওঁ ঘৰতে চিকিৎসকৰ নিয়মীয়া পৰ্যবেক্ষণত আছিল।
লগতে পঢ়কঃ বাংলাদেশ অস্থিৰ হ’লে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, মিয়ানমাৰতো প্ৰভাৱ পৰিব; সকীয়নি মহম্মদ ইউনুছৰ
বুদ্ধদেৱ ভট্টাচাৰ্য ২০০০ চনৰ পৰা ২০১১ চনলৈ একেৰাহে ১১ বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত যাদৱপুৰ সমষ্টিৰ পৰা পৰাজয়ৰ পিছত বুদ্ধদেৱ ভট্টাচাৰ্য ক্ৰমান্বয়ে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিএমৰ জ্যেষ্ঠ নেতাগৰাকীয়ে শেষবাৰৰ বাবে ২০১৯ চনত ব্ৰিগেডত গৈছিল। কিন্তু তেতিয়াও তেওঁ অসুস্থ আছিল, নাকত অক্সিজেন টিউব লগোৱা আছিল। মঞ্চৰ তলত পোন্ধৰ মিনিট গাড়ীত বহি তেওঁ ঘৰলৈ উভতি আহিছিল।
তেতিয়াৰ পৰা ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। উশাহ-নিশাহৰ সমস্যাকে ধৰি একাধিক সমস্যাত বাৰে বাৰে চিকিৎসালয়লৈ যাবলগীয়া হৈছিল। বুদ্ধদেৱ ভট্টাচাৰ্য যোৱা বছৰৰ আগষ্ট মাহত ১২ দিন চিকিৎসালয়ত থকাৰ পাছত পাম এভিনিউৰ ঘৰলৈ উভতি আহিছিল। তেতিয়াৰ পৰাই তেওঁ ঘৰতে বাইপাপ চাপৰ্টত আছিল। ৰাইলছ টিউবো স্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও কাৰ্ডিয়াক মনিটৰ আছিল, য’ত তেওঁৰ হৃদস্পন্দন, ৰক্তচাপ আৰু অক্সিজেন হ্ৰাসৰ মাত্ৰা দেখুওৱা হৈছিল।
লগতে পঢ়কঃ‘মোক ক্ষমা কৰা, কুস্তী, তোমাক বিদায়…!’ হৃদয় বিদাৰক পোষ্ট লিখি অৱসৰ ঘোষণা ৱিনেশ ফ’গাটৰ
অৱশেষত বৃহস্পতিবাৰে পুৱা নিজৰ বৰ্ণাঢ্য জীৱনৰ সামৰণি মাৰি অজস্ৰ গুণমুগ্ধক শোকসাগৰত পেলাই মৃত্যুক আঁকোৱালি লয়।