দৰকাৰ হ’লে বদৰুদ্দিনকো লগত ল’ম : তৰুণ গগৈ

286b732f-278d-464c-a92b-f52dd1350b1d

শণিবাৰে দিচপুৰত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : নৰ্থইষ্ট নাও

কেইবছৰমান পূৰ্বে ‘হু ইজ বদৰুদ্দিন’ বুলি এআইয়ুডিএফ প্ৰধানক আক্ৰমণ কৰা তথা ‘শত্ৰু জ্ঞান’ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ লোকসভা নিৰ্বাচনৰ পাছত অন্তৰ কুমলিছে।

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে এআইয়ুডিএফৰ সমান্তৰালকৈ অন্যান্য ৰাজনৈতিক দলৰ সৈতেও মিত্ৰতা কৰাৰ কথা ঘোষণা কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘আমি মিত্ৰতা কৰিব লাগিব। যাৰে লগত নহওঁক, এআইয়ুডিএফৰ লগতো কৰিব লাগিব। এতিয়া মোৰ দৰকাৰ হৈছে মই ল’ম, বদৰুদ্দিনকো ল’ম।‘ শণিবাৰে দিচপুৰৰ মন্ত্ৰী আৱাসত এক সংবাদেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, আজমলৰ প্ৰশংসাত পঞ্চমুখ হৈ গগৈয়ে কয়, ‘বদৰুদ্দিনক এতিয়া মই তেনেকৈ কিয় ক’ম? তেওঁ তিনিবাৰকৈ সাংসদ হ’ল, এতিয়া হু ইজ বদৰুদ্দিন বুলি ক’লে হ’ব নেকি? তেওঁৰ নিজাকৈ এটা দল আছে, তেনেক্ষেত্ৰত হু ইজ বদৰুদ্দিন ক’লে মানুহে মোক নাহাঁহিব নেকি?’

তদুপৰি, ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই এআইয়ুডিএফৰ সৈতে মিত্ৰতা কৰাৰ স্পষ্ট ইংগিত দি গগৈয়ে কয়, ‘উপ নিৰ্বাচনত মিত্ৰতা নহয়, মই কাইলৈ বা পৰহিলৈ মিত্ৰতা হ’ব বুলি কোৱা নাই। ২০২১ ৰ নিৰ্বাচনৰ সময়তে হ’ব আৰু।‘

‘বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এআইয়ুডিএফেই কিয়? সকলো ৰাজনৈতিক দলৰ লগতে মই মিত্ৰতা স্থাপন কৰিম।‘ সংবাদমেলত গগৈৰ স্পষ্ট মত।

তাৎপৰ্য্যপূৰ্ণভাৱে, পূৰ্বেও এআইয়ুডিএফৰ লগত মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ কথা স্বীকাৰ কৰে গগৈয়ে।

‘বদৰুদ্দিনৰ লগত আমাৰ আগতে কথা-বতৰা হৈছিল। কিন্তু আসন ভাগ বতৰাতে কেনা লাগি যায়। বদৰুদ্দিনৰ লগত কংগ্ৰেছে মাজে মাজে কথা পাতে, অগপৰ লগতো পাতিছিলো। যোৱা লোকসভা নিৰ্বাচনত অলপ পাতিছিলো, নপতা নহয়। ছীট শ্বেয়াৰিঙৰ কথা আহি যায়, এইটো নহয় যে এইবাৰহে বদৰুদ্দিন আজমলৰ সৈতে কথা পাতিছো,‘ -গগৈয়ে এইদৰে কয়।

ইপিনে, সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী দিয়াটো তেওঁৰ একক সিদ্ধান্ত নাছিল বুলি দাবী কৰাৰ লগতে হিমন্ত বিশ্ব তেওঁৰ ‘নয়নৰ মণি’ আছিল বুলিও উল্লেখ কৰে।

গগৈয়ে কয়, ‘আজি যদি মোক কোনোবাই কয় হিমন্তক আপুনি মন্ত্ৰী কৰি ভুল কৰিছে। দিল্লীয়ে মোক কৈছিল হিমন্ত আমাৰ ব্লু আই বয় নাছিল তোমাৰ হে আছিল। হয়, হিমন্ত মোৰ ব্লু আইড বয় আছিল। আজিও মই নাছিল বুলি নকওঁ। ঠিক সেইদৰে কেন্দ্ৰই বিচৰা বাবেহে সঞ্জয় সিঙক প্ৰাৰ্থিত্ব দিছিলো, নিজৰ ইচ্ছা মতেতো দিয়া নাছিলো।‘