আৰ এছ এছৰ নিৰ্দেশত প্ৰস্তুত হৈছে এন আৰ চি : তৰুণ গগৈ

ec62891b-2d2c-4cfc-92c0-8ce4c0d47ba1

বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদেমল সম্বোধন কৰা মুহূৰ্তত প্ৰাক্তন মুখ্য মন্ত্ৰী। ফটো : নৰ্থইষ্ট নাও

“বিজেপিয়ে বিদেশী মুক্ত এন আৰ চি প্রস্তুতত যিমান গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব দিয়া নাই। এন আৰ চি আৰ এছ এছৰ নিৰ্দেশত প্ৰস্তুত হৈ আছে।” উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

তদুপৰি, “আৰ এছ এছৰ নিৰ্দেশত প্ৰস্তুত হোৱা বাবেই এন আৰ চিৰ নামত লাখ লাখ ভাৰতীয়ৰ হাৰাশাস্তি হৈছে” বুলিও গগৈয়ে মন্তব্য কৰে।

“৪০ লাখ মানুহ কেনেকৈ বাদ পৰিল?” এইদৰে গগৈয়ে প্ৰশ্ন কৰি লগতে কয়, “৩০ জুলাইত প্ৰকাশ পাবলগীয়া এন আৰ চি খন সম্পূৰ্ণৰূপে শুদ্ধ নহয় কাৰণ বিজেপিয়ে ‘কেব’ আনিব বিচাৰিছে।”

আনহাতে, উক্ত সংবাদমেলত গগৈয়ে বিজেপিক কঠোৰ সমালোচনা কৰি কয়, “অসমৰ পৰিৱৰ্তনৰ নামত কি পৰিৱৰ্তন হ’ল? ৰাস্তাৰে যাব নোৱাৰা অৱস্থা, বস্তুৰ দাম বাঢ়িছে, নিবনুৱা সমস্যা বৃদ্ধি হৈছে। চাৰিওফালে হাহাকাৰ দেখিছো। বিজেপিয়ে কয় এটা কৰে এটা।”

তাৎপৰ্যপূৰ্ণভাৱে “ই ভি এম টেম্পাৰিং নকৰাকৈ এইবাৰ লোকসভাত বিজেপি জিকিব নোৱাৰে” বুলিও গগৈয়ে মন্তব্য কৰে।

“নৰেন্দ্ৰ মোদীৰ শনিৰ দশা লাগিছে। ২৩ তাৰিখৰ ফলাফলৰ পাছত বিজেপিৰ বহু বেয়া দিন আহিব। ভাৰতৰ ৰাইজে এইবাৰ এখন নতুন চৰকাৰ পাব আৰু এইক্ষেত্ৰত কংগ্ৰেছে বিশেষ ভূমিকা ল’ব,”-বিজেপিক লৈ এই ভৱিষ্যতবাণী গগৈৰ।

আনহাতে, এই সংবাদমেলত গগৈয়ে অসমৰ জনসাধাৰণক দুটা বিশেষ প্ৰতিশ্ৰুতি দিয়ে।

“কংগ্ৰেছৰ চৰকাৰ শাসনলৈ আহিলে অসমৰ দুটাকৈ কাগজ কল এবছৰৰ ভিতৰত খুলি দিম আৰু অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা ঘূৰাই আনিম,”-গগৈয়ে প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে, এতিয়া এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন অজমলক “Who is Badaruddin?” বুলি নকওঁ বুলি উল্লেখ কৰি গগৈয়ে কয়, “এনেকৈ কওঁতে অসমৰ মানুহে মোক সংখ্যাগৰিষ্ঠতা নিদিলে। আৰু ২০১৬ত মই হাৰিলো।”