• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মোদীৰ ভাষণ আৰ এছ এছৰ নেতাৰ দৰে আছিল’, ‘বিজেপিৰ চৰকাৰ আশ্বাস আৰু মিছাৰ চৰকাৰ’, সংবাদমেলত তৰুণ গগৈ

হিমন্ত নিজেই লেতেৰা, তেওঁ আছুক কি পৰিষ্কাৰ কৰিব?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 10, 2019 5:18 pm
Tarun Gogoi

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

832
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কালিৰ (৯ ফেব্ৰুৱাৰিত) বক্তৃতা আছিল এজন আৰ এছ এছৰ নেতাৰ দৰে। চাংসাৰিৰ সভাত অসমৰ মিডিয়াকো তাচ্ছিল্য কৰিবলৈ নেৰা মোদীৰ বিৰুদ্ধে এই অভিযোগ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। আজি গগৈয়ে নিজৰ চৰকাৰী বাসগৃহত এখন সংবাদমেল দিয়ে।

“আশ্বাস আৰু মিছাৰ চৰকাৰ এইখন। অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজীৱ গান্ধীয়ে অসম চুক্তিৰ জৰিয়তে উল্লেখ কৰিছিল। তেওঁ এতিয়া নতুনকৈ অসমৰ উন্নয়নৰ কথা ক’ব নালাগে।”,  মোদীৰ চাংসাৰিৰ সভাক নাটক আখ্যা দি গগৈয়ে সংবাদমেলত কয়।

ইপিনে মোদীয়ে লাচিত, চুকাফা, ভূপেন হাজৰিকাৰ নামত ৰাজনীতি কৰিব বিচৰাটোক কটাক্ষ কৰি তেওঁ কয়, “লাচিত বৰফুকন, ভূপেন হাজৰিকা আৰু চুকাফাৰ নাম লৈছে যিহেতু আইনখন বাতিল কৰিব লাগে।”

মোদী চৰকাৰে শিক্ষাৰ দিশটোৰ ওপৰ কিমান গুৰুত্ব দিলে বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। “কিমানখন আই আই টি স্থাপন কৰিলে মোদীয়ে দেখুৱাই দিয়ক। গুজৰাটতো নাই আই আই টি। কংগ্ৰেছেহে আনিছিল আই আই টি।” গগৈৰ দাবী।

তেওঁৰ মতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে মোদী। মোদীৰ দাম্ভিকতা বাঢ়ি গৈছে। “মোদী চৰকাৰ অহাৰ লগে লগে অসমৰ মানুহৰ দুখ-কষ্ট বাঢ়িছে”, প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ দাবী।

আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দলঙক লৈ চাংসাৰিৰ সভাত বিজেপিয়ে কৃতিত্ব দাবী কৰা বিষয়ত গগৈয়ে কয়, “এখনক বাদ কৰি আন কেইখন দলঙত কংগ্ৰেছৰ অৱদান আছে।”

তেওঁ কংগ্ৰেছক সমালোচনা কৰা বিজেপিয়ে পাঁচ বছৰত এজনো বিদেশী খেদিব নোৱাৰিলে বুলিও অভিযোগ কৰে।

ইপিনে সাংবাদিকসকলক তুচ্ছজ্ঞান কৰি মন্তব্য কৰা বাবে মোদীক সমালোচনা কৰি গগৈয়ে কয়, “নিৰ্বাচনৰ আগত প্ৰিণ্ট মিডিয়াই মোদীক সমৰ্থন কৰিছিল। তেতিয়া মিডিয়াক ভাল পাইছিল।”

“ক’লা পতাকা দেখিবলৈ পোৱা এইজনেই প্ৰথম প্ৰধান মন্ত্ৰী”, মোদীৰ প্ৰতি কটাক্ষৰ শেল গগৈৰ।

আনহাতে, গগৈয়ে প্ৰাক্তন সতীৰ্থ হিমন্তকো তীব্ৰ কটাক্ষ কৰে। “চৰ্দাৰে গভাইত ডকাইতক কাষত বহাই ল’লে।”, কালিৰ সভাখনত মোদীৰ কাষতে বহা হিমন্তৰ বিষয়ে এই টিপ্পনী গগৈৰ।

‘আছুক পৰিষ্কাৰ কৰিব লাগিব’ বুলি মন্ত্ৰী হিমন্তই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তৰুণ গগৈয়ে কয়, “হিমন্ত নিজেই লেতেৰা। আছুক কি পৰিষ্কাৰ কৰিব?”

আগন্তুক লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ প্ৰত্যাশা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে টাৰ্গেট ৮টা সমষ্টিত জয়ী হোৱা বুলি জানিবলৈ দিয়ে। অৱশ্যে গগৈয়ে এয়া তেওঁৰ ব্যক্তিগত হিচাপ বুলি কয়।

Recent News

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd