NORTHEAST NOW (Assamese)

মিছা প্ৰচাৰ আৰু ফুলজাৰি মৰা কথাৰে মোদীয়ে ভাৰতবাসীক বিপথে পৰিচালিত কৰিছে : তৰুণ গগৈ

April 6, 2019 9:44 am · এন ই নাও নিউজ
ডিব্ৰুগড়ত কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মুহূৰ্তত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি

‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক চৰম প্ৰতাৰণা কৰিলে। বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি মোদীয়ে পালন নকৰিলে। মিছা প্ৰচাৰ আৰু ফুলজাৰি মৰা কথাৰে মোদীয়ে ভাৰতীবাসীক বিপথে পৰিচালিত কৰিছে,’’- টিংখাং গান্ধী ময়দানত টিংখাং ব্লক কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে আয়োজিত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।

গগৈয়ে কয়, ‘’ভাৰতবাসীয়ে প্ৰধানমন্ত্ৰীক চকীদাৰ হোৱাটো কামনা নকৰে। প্ৰধানমন্ত্ৰী মোদী যদি চকীদাৰেই হয়, তেন্তে বিজেপি দল বিগত পাঁচ বছৰত ইমান ধনী হ’ল কেনেকৈ? চোৰৰ লগত চকীদাৰৰ সম্বন্ধ থাকিলেহে এয়া সম্ভৱ।‘’

ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে লগতে কয় যে ২৩ মে’ত ভাৰতবৰ্ষত মোদীৰাজ পতন হোৱাটো এশ শতাংশ নিশ্চিত।

গগৈয়ে বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি বিজেপি চৰকাৰে দুখীয়াৰ প্ৰতি চৰম অন্যায় কৰিছে বুলি মন্তব্য কৰে। কংগ্ৰেছৰ শাসন কালত এটা গেছ চিলিণ্ডাৰৰ মূল্য আছিল ৪৫০ টকা আছিল বুলি উল্লেখ কৰি এতিয়া সেই মূল্য ৯০০ টকাৰো অধিক হোৱা বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

বিজেপিৰ শাসনকালত দেশৰ উদ্যোগসমূহক ব্যক্তিগত খণ্ডত গতাই দিয়াৰ বিপৰীতে সৰু সৰু উদ্যোগসমূহ বন্ধ হৈ পৰিল। কৃষকৰ আয় দুগুণলৈ বৃদ্ধি পাব বুলি কৈছিল মোদীয়ে। কিন্তু আয় বৃদ্ধি নহ’ল, বৰঞ্চ দেশৰ বহু কৃষকে বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাহে কৰিলে।

গগৈয়ে ধৰ্মৰ নামত বিজেপি চৰকাৰে ভাৰতীয়ক ভাগ ভাগ কৰাৰ অপচেষ্টা চলোৱাৰো অভিযোগ তোলে।

আনহাতে, কংগ্ৰেছৰ চৰকাৰ আহিলে সকলো শ্ৰেণীৰ নাগৰিকে সমমৰ্যাদা লাভ কৰিব বুলি কোৱাৰ লগতে গগৈয়ে দুখীয়াসকলে মাহিলি ৬ হাজাৰ টকাকৈ লাভ কৰিব বুলি সদৰী কৰে।

প্রাক্তন মুখ্য মন্ত্রী গৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনাৰ লক্ষ্য কৰি লয়। তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কামিহাড় নথকা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঢোঁৰাসাপ বুলিও মন্তব্য কৰে।

টিংখাং ব্লক কংগ্ৰেছৰ সভাপতি ৰমেশ চাংমাইৰ সভাপতিত্ব কৰা নিৰ্বাচনী প্ৰচাৰ সভাখনত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, নিৰ্বাচনী সমিতিৰ সভাপতি অতুল বুঢ়াগোহাঁই, কংগ্ৰেছ দলৰ নেতা-কৰ্মী, পঞ্চায়তৰ প্ৰতিনিধিসহ বহুসংখ্যক লোক উপস্থিত থাকে।

Related News