পঞ্চমবাৰলৈ ধাৰাবাহিকভাৱে জয়ী হৈছে প্ৰাক্তন কংগ্ৰছী মন্ত্ৰী অজন্তা নেওগ।
পূৰ্বৰ বিজেপি প্ৰাৰ্থী তথা এই নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিতোপন শইকীয়াই এই শক্তিশালী প্ৰাৰ্থী গৰাকীৰ লগত তুমূল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও অৱশেষত পৰাজয় বৰণ কৰিবলগীয়া হ’ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।
অৰ্থাৎ তথ্য অনুসৰি ৯০৩৬ টা ভোটত জয়ী হৈছে গোলাঘাটৰ বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগ। অজন্তা নেওগে মুঠ ৮১,৫৬৫ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াই সৰ্বমুঠ ৭২,৫২৯ ভোট লাভ কৰিবলৈ সক্ষম হ’য়।
উল্লেখ্য যে বিগত নিৰ্বাচনত বিজেপিৰ হৈ বিতোপন শইকীয়াই অজন্তা নেওগৰ লগত মাত্ৰ ৫০১৬ টা ভোটত পৰাজয় বৰণ কৰিছিল।
বাতৰি লেখাৰ পৰলৈকে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ফলাফলৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ক’ব পাৰি যে গোলাঘাট জিলাৰ চৰিটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ বোকাখাত সমষ্টিৰ অগপৰ প্ৰাৰ্থী অতুল বৰাৰ লগতে বাকী সৰুপথাৰ, খুমটাই সমষ্টিটোতো বিজেপি প্ৰাৰ্থী ক্ৰমে বিশ্বজিৎ ফুকন আৰু মৃণাল শইকীয়াৰো একপ্ৰকাৰ জয় নিশ্চিত বুলি ধাৰণা কৰা হৈছে।
কংগ্ৰেছৰ দূৰ্গস্বৰূপ গোলাঘাট সমষ্টিৰ লগতে সৰুপথাৰ সমষ্টিতো কংগ্ৰেছৰ এই অৱস্থালৈ নিৰীক্ষণ কৰি উল্লেখ কৰিব পাৰি যে সমগ্ৰ জিলাখনতেই কংগ্ৰেছৰ স্থিতি যেন একেবাৰে শূণ্য হৈ পৰিল।
ৰাইজৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰি সংবাদ মাধ্যমৰ আগত বিজয়ী প্ৰাৰ্থী অজন্তা নেওগে কয় যে, আগন্তুক দিনত সকলোৰে একান্ত সহযোগ কামনা কৰাৰ লগতে বিজেপি তথা অগপৰ কাৰ্যকৰ্তাসকলকো বিশেষ ধন্যবাদ জ্ঞাপন কৰে।
ধাৰাবাহিকভাৱে পাঁচবাৰেই গোলাঘাট সমষ্টিবাসী ৰাইজে তেওঁক এনেদৰে নিৰ্বাচন কৰি পঠোৱা বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ জনায়।