অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া

Final NRC: Assam police ready to deal with any challenge

অসম আৰক্ষীৰ ব’হাগী উৎসৱত কুলধৰ শইকীয়া। ফাইল ছবি- নৰ্থ ইষ্ট নাও।

অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনৰ বাবে সভাপতিৰ নাম ঘোষণা কৰা হৈছে।

সেই অনুসৰি সভাৰ নৱ নিৰ্বাচিত সভাপতি হৈছে বিশিষ্ট সাহিত্যিক, অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া।

সাহিত্য সভাৰ নিৰ্বাচন কমিটিয়ে আজি ঘোষণা কৰা ফলাফল অনুসৰি কুলধৰ শইকীয়াই ২৫৯ টা ভোট লাভ কৰি সভাপতি নিৰ্বাচিত হয়।

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মুঠ ৭গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আনকেইগৰাকী প্ৰাৰ্থী হ’ল ক্ৰমে সূৰ্য হাজৰিকা, প্ৰহ্লাদ চন্দ্ৰ তাছা, ড০ বসন্ত কুমাৰ গোস্বামী, ড০ কৰবী ডেকা হাজৰিকা, ড০ জয়শ্ৰী গোস্বামী মহন্ত আৰু পখিলা কলিতা।

নিৰ্বাচন সমিতিয়ে সংবাদমেল যোগে ঘোষণা কৰা ফলাফল অনুসৰি মুঠ ৬৩৪ টা ভোটৰ ১৫ টা অগ্ৰাহ্য হয় আৰু ৬১৯ টা ভোটহে গণনা হয়।

সভাপতি পদৰ প্ৰাৰ্থীসকলৰ ভিতৰত কুলধৰ শইকীয়াই ২৬৯টা ভোট লাভ কৰাৰ বিপৰীতে সূৰ্য হাজৰিকাই ৭০টা, প্ৰহ্লাদ চন্দ্ৰ তাছাই ৮৮টা, ড০ বসন্ত কুমাৰ গোস্বামীয়ে ৪৬টা, ড০ কৰবী ডেকা হাজৰিকাই ৭৫টা, ড০ জয়শ্ৰী গোস্বামী মহন্তই ৬৯টা আৰু পখিলা কলিতাই কোনো ভোট লাভ নকৰিলে।

অসম সাহিত্য উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী।

উপ সভাপতি পদৰ প্ৰাৰ্থী পদৰ বাবে মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। ইয়াৰ ভিতৰত মৃণালীনী দেৱীয়ে সৰ্বাধিক ৩০৮ টা ভোট লাভ কৰাৰ বিপৰীতে আন কেইগৰাকী প্ৰাৰ্থী ক্ৰমে পদুমী গগৈয়ে ৯৬ টা, ড০ বসন্ত কুমাৰ শৰ্মাই ১৫২ টা আৰু ৰাতি মোহন নাথে ৬৩ টা ভোট লাভ কৰে।

আনহাতে, প্ৰধান সম্পাদক হিচাপে সৰ্বাধিক ৩২৩ টা ভোট লাভ কৰি নিৰ্বাচিত হয় যাদৱ শৰ্মা।