প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা লকডাউনক প্ৰশংসা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ

2438cc26-86ee-4340-8d80-5effd5b303fa

ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা লকডাউনক প্ৰশংসা কৰিছে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদে।

দেওবাৰে বৰপেটাৰ বালাপাৰা চৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মিভূত হোৱা ১০টা পৰিয়ালৰ কাষত উপস্থিত হৈ বিধায়কগৰাকীয়ে এই কথা প্ৰকাশ কৰে।

ক’ৰ’নাক নিঃশেষ কৰাৰ একমাত্ৰ উপায় সামাজিক দূৰত্ব বুলি উল্লেখ কৰি লকডাউনৰ সময়ছোৱাত শাৰীৰিক দূৰত্ব বজাই ৰখাৰ লগতে ঘৰৰ ভিতৰত থকাৰ বাবে সকলোকে আহ্বান জনায় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, কালি বৰপেটাৰ বালাপাৰা চৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মিভূত হোৱা পৰিয়াল কেইটাৰ বুজ লোৱাৰ উদ্দেশ্যে বালাপাৰা চৰত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক পাৰ্যমানে সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে।

আনহাতে লকডাউনৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দুখীয়া পৰিয়াল সকলকো সহায় আগবঢ়াই আছে বিধায়কগৰাকীয়ে। আজিও তেওঁ  শতাধিক নদীভঙা দুখীয়া মানুহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।