• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন সাংসদ, বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক চৰণ নাৰ্জাৰীৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 9:22 am
charan-narzary-1140x570

প্ৰাক্তন সাংসদ, বিধায়ক চৰণ নাৰ্জাৰী। ফাইল ফটো : নৰ্থইষ্ট নাও

456
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন সাংসদ, বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পাতলত ৰাতিপুৱা প্ৰায় ৪.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে।

হাস্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটা নাৰ্জাৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ।

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক চৰণ নাৰ্জাৰী প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম (পি টি চি এ)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। তেওঁ আছিল একাধাৰে এগৰাকী শিক্ষক, লিখক, সমাজকৰ্মী তথা ৰাজনৈতিক কৰ্মী।

১৯৩৩ চনৰ ২৮ মে’ত বৰ্তমান কোকৰাঝাৰৰ চহৰৰ মাজতেই অৱস্থিত মেদাৰকৰো গাঁৱত চৰণ নাৰ্জাৰীৰ জন্ম হৈছিল। কোকৰাঝাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি নাৰ্জাৰীয়ে পাছত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

ইয়াৰ পাছতে তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত সন্মানসহ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ তথা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।

শিক্ষা জীৱন সমাপ্ত কৰি কেইবছৰমান কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত সামজিক জীৱনৰ সৈতে জড়িত হৈ পৰে আৰু ৰাজনীতিৰ জগতত প্ৰৱেশ কৰে।

তেওঁৰ সমসাময়িক সামাজিক কৰ্মীসকলৰ সৈতে ১৯৬৭ চনত প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম (পি টি চি এ) গঠন কৰে। জনজাতীয় লোকসকলৰ সৰ্বাংগীণ সুৰক্ষাৰ লক্ষ্যৰে তেওঁলোকে ‘উদয়াচল’ নামেৰে সুকীয়া ৰাজ্যৰ দাবীও উত্থাপন কৰিছিল।

চৰণ নাৰ্জাৰী ১৯৭২ চনৰ বিধানসভাৰ নিৰ্বাচনত বিপুল সংখ্যক ভোট লাভ কৰি অসম বিধান সভালৈ নিৰ্বাচিত হয়। বিধায়ক হিচাপে কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত তেওঁ ১৯৭৭ চনত লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পাছত ১৯৮৫ চনত তেওঁ পুনৰ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

ৰাজনীতিক তথা এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰি নাৰ্জাৰী এগৰাকী সচেতন লিখক হিচাপেও পৰিচিত আছিল। তেওঁৰ ‘ড্ৰীম অফ উদয়াচল-হিষ্ট’ৰী অফ প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম’এ ব্যাপক চৰ্চা লাভ কৰিছিল। তেওঁ ‘দ্য বডো’ আৰু ‘আলাৰি’ৰ দৰে আলোচনীৰো সম্পাদক আছিল।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd