NORTHEAST NOW (Assamese)

Pervez Musharraf: গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন পাক ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ; ডুবাইত চিকিৎসাধীন

June 11, 2022 8:12 am · এন ই নাও নিউজ, গুৱাহাটী

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ পৰিয়ালে শুকুৰবাৰে জনায় যে প্ৰাক্তন সামৰিক শাসকগৰাকীৰ  শাৰীৰিক অৱস্থা সংকটজনক। পৰিয়ালৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে তেওঁৰ শৰীৰৰ বিভিন্ন অঙ্গবোৰে কাম কৰা বন্ধ কৰিছে আৰু তেওঁৰ স্বাস্থ্যৰ পুনৰুদ্ধাৰ সম্ভৱ নহয়।

মুছাৰফৰ পৰিয়ালে টুইটাৰত এই কথা সদৰী কৰি কয় যে মুছাৰফ দীৰ্ঘদিন ধৰি বেমাৰৰ সৈতে যুঁজি আছে। পৰিয়ালে জনোৱা মতে তেওঁ ভেণ্টিলেটৰত নাই। তেওঁ শৰীৰৰ জটিল অসুস্থতাৰ (এমাইলইডোচিছ) বাবে যোৱা তিনি সপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁৰ স্বাস্থ্য বৰ্তমান এক জটিল পৰ্যায়ৰ মাজেৰে  আগবাঢ়িছে যাৰ পৰা সুস্থ হৈ উঠাটো সম্ভৱ নহয়।

ইয়াৰ পূৰ্বে মুছাৰফৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ বাতৰি বিয়পি পৰিছিল। মুছাৰফৰ ঘনিষ্ঠ সহযোগী আৰু প্ৰাক্তন তথ্য মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে কৈছিল যে তেওঁ গুৰুতৰভাৱে অসুস্থ আৰু সংযুক্ত আৰৱ আমিৰাতৰ এখন চিকিৎসালয়ত ভেণ্টিলেটৰৰ সহায়ত আছে।

বৰ্তমান ৭৮ বছৰীয়া জেনেৰেল মুছাৰফে ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ শাসনত আছিল।

Related News