• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰাগাৰত ধৰ্ষণৰ বলি হৈছিল নেকি ইমৰাণ খান? ভাইৰেল ৰিপৰ্টক লৈ হাহাকাৰ পাকিস্তানত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 4:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদিয়ালা জেলত শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ বলি হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। এনে অভিযোগ সমগ্ৰ ছ’চিয়েল মিডিয়াত শুনা গৈছে। একাধিক ছ’চিয়েল মিডিয়া পেজত প্ৰচাৰিত হৈছে এক মেডিকেল ৰিপ’ৰ্ট। দাবী কৰা হৈছে যে, চলিত বৰ্ষৰ মাৰ্চ মাহত ইমৰাণ খানক অচেতন অৱস্থাত জেলত উদ্ধাৰ কৰা হৈছিল। তেওঁৰ শৰীৰত একাধিক আঘাত আৰু যৌন নিৰ্যাতনৰ স্পষ্ট প্ৰমাণ পোৱা গৈছিল। যদিও প্ৰতিবেদনৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই আৰু পাকিস্তান প্ৰশাসন বা সেনায়ো এই সন্দৰ্ভত কোনো বক্তব্য দিয়া নাই।

ভাইৰেল প্ৰতিবেদনত ৰাৱলপিণ্ডিৰ ‘এমিৰেটছ মিলিটাৰী হস্পিতাল’ৰ নাম উল্লেখ কৰা হৈছে। জানিব পৰা মতে, যোৱা ৩ মাৰ্চত ইমৰাণক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ অনা হৈছিল। তথাকথিত প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁৰ শৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, ৰক্তক্ষৰণ, যৌন নিৰ্যাতনৰ লক্ষণ দেখা গৈছে। আৰু কোৱা হৈছে যে এই প্ৰতিবেদন পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এই নথিখনৰ সত্যতা কোনো নিৰপেক্ষ সংবাদ মাধ্যম বা পাকিস্তান প্ৰশাসনে পৰীক্ষা কৰা নাই।

এই পৰিৱেশ আৰু অধিক ইন্ধন যোগাইছিল ‘দ্য ডন’ কাকতৰ এটা স্ক্ৰীণশ্বট ভাইৰেল হোৱাটোৱে। ইমৰাণৰ শাৰীৰিক পৰীক্ষাৰ বিতৰ্কিত প্ৰতিবেদনৰ উল্লেখ আছে বুলি দাবী কৰা হৈছে। কিন্তু স্ক্ৰীণশ্বটটো প্ৰকৃততে ডনৰ মূল ৱেবছাইটৰ পৰা লোৱা হৈছে নে নাই সেইটো পৰীক্ষা কৰা সম্ভৱ হোৱা নাছিল।

উল্লেখ্য যে, ২০২৩ চনৰ ৫ আগষ্টত ‘তোছাখানা গোচৰ’ত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইমৰাণ খান। প্ৰথমে তেওঁক পঞ্জাৱ প্ৰদেশৰ এট’ক জেলত ৰখা হৈছিল যদিও পাছত নিৰাপত্তাজনিত কাৰণত তেওঁক ৰাৱলপিণ্ডিৰ আদিয়ালা জেললৈ বদলি কৰা হয়। তেতিয়াৰ পৰাই তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলে বাৰে বাৰে কাৰাগাৰত তেওঁৰ ওপৰত মাৰাত্মক আক্ৰমণৰ আশংকা প্ৰকাশ কৰি আহিছে।

ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে ইতিমধ্যে দাবী কৰিছে যে যদি এনে ঘটনা সঁচা হয়, তেন্তে ই পাকিস্তানৰ ন্যায়পালিকাৰ আৰু মানৱ অধিকাৰৰ পৰিস্থিতিক লৈ ডাঙৰ প্ৰশ্নবোধক উত্থাপন কৰে। অৱশ্যে এতিয়ালৈকে চৰকাৰে কোনো বিবৃতি প্ৰকাশ কৰা নাই। কাৰাগাৰ কৰ্তৃপক্ষইও মুখত তলা লগাইছে।

পাকিস্তানৰ ৰাজনীতিত ইমৰাণ খানৰ প্ৰভাৱ আৰু জনপ্ৰিয়তা এতিয়াও অদম্য। যদিও ইটোৰ পিছত সিটো গোচৰত তেওঁক শাস্তি প্ৰদান কৰা হৈছে, তথাপিও বিৰোধী শিবিৰৰ মতে এইবোৰ ৰাজনৈতিক প্ৰতিশোধৰ ফল। সেয়ে কাৰাগাৰত তেওঁৰ বিৰুদ্ধে এনে নিৰ্যাতনৰ দাবী পোহৰলৈ অহাত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।

কিন্তু চৰকাৰৰ পৰা কোনো স্বীকৃতি নোপোৱালৈকে এই ঘটনাৰ সত্যতাক লৈ প্রশ্ন ৰৈ গৈছে৷ কোৱা বাহুল্য যে এই খবৰে পাকিস্তানৰ ৰাজনৈতিক পৰিৱেশত এক নতুন আলোড়নৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd