• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অসমবাসী ৰাইজলৈ আহ্বান

ড° মনমোহন সিঙে আজি কংগ্ৰেছ দলৰ হৈ, আৰু অসমৰ ৰাইজক সম্বোধন কৰি মুকলি কৰে এটা ভিডিঅ’ বাৰ্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 6:02 pm
manmohan-singh_625x300_05_December_19-new

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙে অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি, অসমৰ ৰাইজক সম্বোধন কৰি এটা ভিডিঅ’ বাৰ্তা মুকলি কৰে।

ড° মনমোহন সিঙে, তেওঁৰ বাৰ্তাৰ আৰম্ভণি কৰি এই কথা উল্লেখ কৰে, “ভ্ৰাতৃ আৰু ভগ্নীসকল, বহু বছৰ ধৰি, অসম মোৰ দ্বিতীয় গৃহভূমি হৈ আহিছে। ১৯৯১ চনৰপৰা আৰম্ভ কৰি ২০১৯ চনলৈকে, সুদীৰ্ঘ ২৮ টা বছৰ মই ৰাজ্যসভাত অসমৰ প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বিশেষাধিকাৰ আছিল বুলি গণ্য কৰোঁ। অসমৰ ৰাইজে মোৰ ওপৰত আৰোপ কৰা বিশ্বাস আৰু মৰমৰ বাবে তথা প্ৰয়াত শ্ৰী হিতেশ্বৰ শইকীয়া আৰু প্ৰয়াত শ্ৰী তৰুণ গগৈৰ সৈতে থকা মোৰ প্ৰগাঢ় বন্ধুত্বৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ। অসমৰ ৰাইজে মোক প্ৰদান কৰা সামৰ্থ্যৰ জোৰতেই মই ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে ৫ বছৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১০ বছৰ দেশৰ সেৱা কৰিব পাৰিছিলোঁ।”

ড° সিঙে তেওঁৰ বক্তব্য আগবঢ়াই নি এই কথা সজোৰে কয়- “আজি, মই আপোনাসৱৰ সৈতে কথা পাতিছো আপোনালোকৰ মাজৰে এজন হিচাপে।  আকৌ এবাৰ, বিধানসভাৰ নিৰ্বাচনত আপোনালোকে ভোট দিয়াৰ সময় আহিছে, আপোনালোকে ভাবি-চিন্তি ভোট দিবই লাগিব। এছোৱা দীঘলীয়া কাল ধৰি চলা বিদ্ৰোহাত্মক কাৰ্যকলাপ আৰু অস্থিৰতাৰ বাবে অসমৰ ৰাইজে অভাৱনীয় দুখ-যাতনা সহিবলগীয়া হৈছিল। ২০০১ চনৰ পৰা ২০১৬ চনলৈকে প্ৰয়াত শ্ৰী তৰুণ গগৈৰ নেতৃত্বত, অসমে শান্তি আৰু বিকাশৰ অভিমুখে এটা নতুন যাত্ৰা আৰম্ভ কৰিছিল। অৱশ্যে, এতিয়া এই যাত্ৰাই কিছুমান অতিশয় গুৰুতৰ বাধাৰ মুখামুখি হৈছে। সমাজক ভাগ ভাগ কৰিবলৈ লোৱা হৈছে ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ ভিত্তিত। সাধাৰণ মানুহক মৌলিক অধিকাৰসমূহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা হৈছে, সৰ্বত্ৰ বিৰাজ কৰিছে এটা উত্তেজনা আৰু আতংকৰ পৰিৱেশ। অবিবেচনাৰে কৰা “বিমুদ্ৰাকৰণ” আৰু বেয়াকৈ কাৰ্যৰূপায়ণ কৰা জিএছটিয়ে দেশৰ অৰ্থনীতি দুৰ্বল কৰি তুলিছে।”

ড° সিঙে তাৰপাছত আলোকপাত কৰে সেই লাখ লাখ লোকৰ অবৰ্ণনীয় কষ্টৰ ওপৰত যিসকলে নিজৰ কৰ্মসংস্থান হেৰুৱাবলগীয়া হৈছে আৰু জীৱিকাৰ মৌলিক প্ৰয়োজন সমূহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। তেওঁ এই কথা ন দি কয় যে বিজেপি আমোলত পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ বাবে ৰাইজে ভুগিবলগীয়া অভাৱনীয় দুখ-কষ্ট হ’ল নজিৰবিহীন।

এটা আৱেগিক আহ্বানসূচক বিবৃতিত, ড° মনমোহন সিঙে উল্লেখ কৰে, “আপোনালোকে এনে এখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে ভাৰতৰ সংবিধানক আৰু গণতন্ত্ৰৰ মূলনীতি সমূহক শ্ৰদ্ধা কৰে। আপোনালোকে এনে এখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে প্ৰতিগৰাকী নাগৰিক আৰু প্ৰতিটো সম্প্ৰদায়ৰ কথা চিন্তা কৰে। আপোনালোকে এনে এখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে সম-বিকাশ সুনিশ্চিত কৰিব। আপোনালোকে সেইখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে আকৌ এবাৰ অসমক শান্তি আৰু বিকাশৰ পথেদি আগবঢ়াই নিব।”

ড° সিঙে অসম কংগ্ৰেছৰ গণনীতি সমূহৰ কথা পুনৰ সজোৰে প্ৰকাশ কৰি কয় কেনেকৈ অসমৰ অনন্য ভাষা, সংস্কৃতি আৰু ইতিহাস সুৰক্ষিত কৰি কংগ্ৰেছে লগতে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰে কল্যাণ সুনিশ্চিত কৰিব।

ড° মনমোহন সিঙে দৃঢ়তাৰে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে, অসম কংগ্ৰেছে তৈয়াৰ কৰিছে এখন “ৰাইজৰ ইস্তাহাৰ” য’ত ব্যাৱহাৰিক আশ্বাসসমূহ সন্নিৱিষ্ট কৰা হৈছে। তাৰপাছত তেওঁ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে কংগ্ৰেছে দিয়া “৫ গেৰাণ্টিৰ” প্ৰতি, যিকেইটা হ’ল দলৰ ইস্তাহাৰৰ এটা অবিচ্ছেদ্য অংশ, আৰু ৰাজ্যখনক সমৃদ্ধিৰ এটা পথেদি আগবঢ়াই নিবলৈ থকা দলৰ দায়বদ্ধতাৰ এটা স্পষ্ট ইংগিত।

কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ কথা স্পষ্টভাৱে ব্যাখ্যা কৰি ড° সিঙে উল্লেখ কৰে, “প্ৰথম কথা, ক্ষমতাৰ বাবে নিৰ্বাচিত হ’লে, অসম কংগ্ৰেছে কা অৰ্থাৎ নাগৰিকত্ব সংশোধনী অধিনিয়ম ৰূপায়ণ নকৰে আৰু লগতে কা বাতিল কৰিবলৈ দলে পাৰ্যমানে চেষ্টা কৰিব। দ্বিতীয়তে, ৫ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা হ’ব, ৰাজহুৱা খণ্ডত আৰু ২৫ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা হ’ব, ব্যক্তিগত খণ্ডত।  তৃতীয়তে, চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হ’ব, এই শ্ৰমিকসকলে আন সামাজিক নিৰাপত্তা হিতাধিকাৰো লাভ কৰিব। চতুৰ্থতে, প্ৰতিটো পৰিয়ালে প্ৰতি মাহে লাভ কৰিব ২০০ ইউনিটকৈ বিনামূলীয়া বিজুলী। পঞ্চমতে, “গৃহিণী সন্মান যোজনাৰ” অধীনত প্ৰতিগৰাকী গৃহিণীয়ে লাভ কৰিব মাহিলি ২০০০ টকাৰ এটা অনুদান।”

নিজৰ বিবৃতিৰ সামৰণিত, ড° সিঙে দৃঢ়তাৰে উল্লেখ কৰে, “ভ্ৰাতৃ আৰু ভগ্নীসকল, আপোনালোকৰ ভৱিষ্যত আৰু আপোনালোকৰ সন্তানৰ ভৱিষ্যত আছে আপোনালোকৰ হাতত। কংগ্ৰেছ দলক আৰু মহাজোঁটক ভোটদান কৰিবলৈ মই আপোনালোকক আহ্বান জনাইছোঁ, জয় হিন্দ।”

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলেও অসমৰ ৰাইজৰ প্ৰতি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়া এই গুৰুত্বপূৰ্ণ বাৰ্তাৰ কথা ছ’চিয়েল মিডিয়াৰ যোগেদি ৰাইজক জানিবলৈ দিয়ে।

কংগ্ৰেছে পোষকতা কৰা শান্তি আৰু প্ৰগতিৰ পথেদি অগ্ৰসৰ হ’বলৈ অসমৰ ৰাইজ যে একত্ৰিত হৈ আছে সেই কথাত দলৰ নামমাত্ৰও সংশয় নাই।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd