ধোনীয়ে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিছে, গাংগুলীয়ে এই যাত্ৰাৰ আৰম্ভণি কৰিছিল : কুমাৰ ছাংগাকাৰা

Dada with MSD

ধোনীৰ সৈতে গাংগুলী, উৎস-ইণ্টাৰনেট

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীক প্ৰশংসাৰে ওপচায় পেলাইছে শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰায়।

ছাংগাকাৰাই ধোনীয়ে ভাৰতীয় ক্ৰিকেটক আগুৱাই লৈ গৈছে আৰু এই যাত্ৰাৰ আৰম্ভণি কৰিছিল সৌৰভ গাংগুলীয়ে বুলি কয়।

”মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় ক্ৰিকেটক আগুৱাই লৈ গৈছে আৰু এই যাত্ৰাৰ আধাৰশিলা স্থাপন কৰিছিল সৌৰভ গাংগুলীয়ে,” ছাংগাকাৰই কয়।

আনহাতে, শ্ৰীলংকাৰ তাৰকা আৰু সৰ্বশ্ৰেষ্ঠ উইকেট কীপাৰ বেটছমেন গৰাকীয়ে সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনীক দুগৰাকী শ্ৰেষ্ঠ খেলুৱৈৰ লগতে ভাল মানুহ বুলিও কয়।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অপেনিং বেটছমেন তথা বৰ্তমান বিজেপিৰ সাংসদ গৌতম গম্ভীৰে কিছুদিন পূৰ্বে ধোনীক ভাগ্যৱান অধিনায়ক বুলি আখ্যা দিছিল।

গম্ভীৰে সৌৰভ গাংগুলীয়ে ধোনীক এটা সক্ষম ভাৰতীয় যুজাৰু ক্ৰিকেট দল উপহাৰ দি গৈছিল বুলিও মন্তব্য কৰিছিল।