প্ৰধানমন্ত্ৰীৰ অনুৰোধক আওকাণ কৰি বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থী।
উল্লেখ্য যে মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহৰ ওচৰত আবেদন জনাই কয় যে এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনক সকলোৱে সমৰ্থন কৰিব লাগে। তাৰ পাছত বিয়লি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰত অনুষ্ঠিত বিৰোধীৰ বৈঠকত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰা হয়।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পূৰ্বে ৰেড্ডীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশো আছিল।
২০১১ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে। আজি বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি কংগ্ৰেছৰ সভাপতি খাৰ্গেই কয় যে আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন হ’ব মতাদৰ্শগত সংঘাত, সংবিধানৰ সৈতে সংবিধান বিৰোধীসকলৰ যুঁজ।
খাৰ্গেই লগতে কয় যে সকলো বিৰোধী দলৰ মাজত ঐক্যমত হৈছে। আমি সকলোৱে অনুভৱ কৰোঁ যে গণতান্ত্ৰিক মূল্যবোধক আক্ৰমণ কৰা হৈছে।
প্ৰাৰ্থীগৰাকীৰ পৰিচয় দি কংগ্ৰেছৰ ৰাজ্যসভাৰ বিৰোধী দলপতিগৰাকীয়ে কয় যে ৰেড্ডী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। তেওঁ আছিল সামাজিক আৰু ৰাজনৈতিক ন্যায়ৰ ৰক্ষক।
ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইণ্ডিয়া মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰেড্ডীয়ে কয় যে এন ডি একে ধৰি সকলো দলকে মোক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছো। আগন্তুক নিৰ্বাচনক লৈ আশাবাদী ৰেড্ডীয়ে লগতে কয় যে বিৰোধী দলৰ প্ৰাৰ্থী হিচাপে মই ৬০ শতাংশ নাগৰিকক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছো।