চোৱাংচোৰাগিৰি : বিৰোধীৰ ফোন টেপিং কৰি জেললৈ গ’ল তেলেংগানাৰ আৰক্ষীৰ প্ৰাক্তন ডিচিপি।

শুকুৰবাৰে হায়দৰাবাদৰ আদালতে ফোন টেপিং গোচৰত তেলেংগানা আৰক্ষীৰ প্ৰাক্তন উপ-আৰক্ষী আয়ুক্ত টাস্ক ফ’ৰ্চৰ ৰাধা কিষাণ ৰাওক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

বৃহস্পতিবাৰৰ পৰা জেৰা কৰাৰ পিছত শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে তেওঁক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱায়।

অৱসৰৰ পিছত টাস্ক ফ’ৰ্চত বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰাধা কিষাণ ৰাও-এ।

তেলেংগানাৰ বিৰোধী নেতা আৰু ব্যৱসায়ীৰ ফোন টেপ কৰাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চতুৰ্থজন আৰক্ষী বিষয়া ৰাধা কিষাণ ৰাও।

উল্লেখ্য যে শেহতীয়া বিধান সভা নিৰ্বাচনৰ সময়ত কিষাণ ৰাওক নিৰ্বাচন আয়োগে পদৰ পৰা অপসাৰণ কৰিছিল। 

ফোন টেপিঙৰ গোচৰত ডি এছ পি, এছ আই বি ডি প্ৰনীত ৰাওক গ্ৰেপ্তাৰ কৰাৰ পিছত ফোন টেপিঙৰ এই  বিষয়টো পোহৰলৈ আহে।

প্ৰমাণৰ নষ্ট কৰাৰ অপৰাধত প্ৰনীত ৰাওক ১৩ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল। বিধানসভা নিৰ্বাচনত বি আৰ এছৰ পৰাজয়ৰ পিছত তেওঁ ৫০টা হাৰ্ড ড্ৰাইভ ধ্বংস কৰাৰ লগতে ডাটা ডিলিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

প্ৰনীত ৰাওৰ জেৰাৰ সময়ত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে বিশেষ চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন মুৰব্বী প্ৰভাকৰ ৰাওকে ধৰি অন্যান্য বিষয়াৰ চৌহদত তালাচী চলায়।

প্ৰভাকৰ ৰাও আৰু কিষাণ ৰাওক বিচাৰি নোপোৱাৰ বাবে আৰক্ষীয়ে পত্ৰ প্ৰদান কৰে। বৃহস্পতিবাৰে কিষাণ ৰাও তদন্তকাৰীৰ সন্মুখত হাজিৰ হোৱাৰ সময়তে প্ৰভাকৰ ৰাৱে চিকিৎসাৰ বাবে আমেৰিকাত আছে জানিব পাৰে। 

একেটা গোচৰতে যোৱা ২৩ মাৰ্চত আৰক্ষী বিষয়া ভূজংগা ৰাও আৰু হায়দৰাবাদ নগৰ আৰক্ষী তিৰুপথান্নাৰ নগৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছদিনা আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।