কোভিডত আক্ৰান্ত হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ গান্ধীৰ মৃত্যু

a mini

ক’ৰ’ণাৰ দ্বিতীয় সংক্ৰমণে ক্ৰমাৎ অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে দেশত ।

এতিয়া নিতৌ দেশত শ শ লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ লগতে বহু লোকৰ মৃত্যুও ঘটিছে।

এনে পৰিস্থিতিৰ মাজতে আজি কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ গান্ধীয়ে।

কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে তেওঁক দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ ৰ বছৰ।

প্ৰয়াত গান্ধীয়ে পত্নী, দুই পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে।

উল্লেখ্য কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা দিলীপ গান্ধী বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আছিল।

তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল।