অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস,বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰাৰ পাছতে স্মৃতি তৰ্পন কৰা হয় ।

এই কাৰ্যসূচীৰ পাছতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

উপাচাৰ্যই ফ্লেগ অফ কৰি মুকলি কৰা শোভাযাত্ৰাটোত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী , সাংস্কৃতিক কাৰ্যক্ৰম , দেশপ্ৰেমমূলক তথা কৃষিভিত্তিক বিভিন্ন দৃশ্যপট উপস্থাপন কৰা হয় ।

এই শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা গৱেষকে অংশগ্ৰহণ কৰে । শোভাযাত্ৰাটোৱে বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ চৌহদ পৰিভ্ৰমণ কৰে ।

বিয়লি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ মুল কাৰ্যসূচী প্ৰতিষ্ঠা দিৱস বক্তৃতা অনুষ্ঠিত হয় ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ( কৃষি শিক্ষা) ড° আৰ চি আগৰৱালাই পৰিৱৰ্তিত পৰিস্থিতিত কৃষি শিক্ষাৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায় ।

সন্ধিয়া বিশ্ববিদ্যালয়ৰ মূল ভৱনসমূহ আলোকিত কৰি তোলাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্ত হব।