বঙাইগাঁও জিলা শিল্পী সমাজৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

বঙাইগাঁও জিলা শিল্পী সমাজৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁও শতদল শাখা সাহিত্য সভা ভৱনত উদযাপন কৰা হয় ৷

এই উপলক্ষে পুৱা বঙাইগাঁও জিলা শিল্পী সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মনে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পিছতে শিল্পী সমাজৰ সদস্যসকলে বিষয় সংগীত পৰিৱেশন কৰে ৷ স্মৃতি তৰ্পন কৰে শিল্পী সমাজৰ উপ- সভাপতি দিগন্ত ৰায়ে ৷

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত জিলাখনৰ চাৰিগৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা হয় ৷
শিল্পী সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত অমিয় চৌধুৰী, কৰেন্দ্ৰ নাথ, জিণ্টি শৰ্মা আৰু মিনতি বৰ্মনক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত বিজয় মজুমদাৰ, নন্দ কিশোৰ চৌধুৰী,দীপক দাস আৰু জগদী বৰ্মন আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হ’য় অন্তৰংগ আলাপ আৰু সংগীতৰ অনুষ্ঠান ৷

সংগীত অনুষ্ঠানত শিল্পী সমাজৰ শিল্পীসকলে গীত পৰিৱেশন কৰে ।