শিৱসাগৰত নৱম গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন; অংশ ল’ব ৭০ খনতকৈ অধিক বিপণীয়ে

ফটোঃ নৰ্থইষ্ট নাও।

শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিবলৈ লোৱা হৈছে নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ।

শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অহা ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থ উৎসৱৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয়।

উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে গণ্য মান্য ব্যক্তিসকলৰ উপস্থিতিত লাইখুটা স্থাপন কৰে শিৱসাগৰৰ বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক প্ৰেম গগৈয়ে।

লগতে পঢ়কঃ নুমলীগড়ৰ দেওপাহাৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দুই অভিযন্তাকে ধৰি ৩ জন

লাইখুঁটা স্থাপন অনুষ্ঠানটোৰ আঁত ধৰে গ্ৰন্থ উৎসৱ আয়োজক সমিতিৰ মুখ্য  সম্পাদক সমীৰণ ফুকনে।

এই গ্ৰন্থ উৎসৱত মুঠ ৭০ খনতকৈ অধিক বিপণীয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহুকেইটা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত যোগদান নিশ্চিত কৰিছে বুলি জানিবলৈ দিছে গ্ৰন্থ উৎসৱ আয়োজক সমিতিয়ে।