হোজাইৰ সেৱাঘাটত যমুনা নদীৰ ওপৰত ৬ কোটি ৪৪ লাখ ব্যয় সাপেক্ষ দলঙৰ আধাৰশিলা স্থাপন

IMG-20190120-WA0017

হোজাইৰ সেৱাঘাটৰ যমুনা নদীৰ ওপৰত নিৰ্মাণ হ'বলগীয়া পকী দলঙৰ আধাৰশিলা স্থাপন। ফটো : নৰ্থইষ্ট নাও

হোজাই- যমুনামুখ সংযোগী ডবকাৰ সেৱাঘাটত দেওবাৰে এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰা হয় ৷ দিনৰ প্ৰায় ২ বজাত ডবকাৰ সেৱাঘাটত আৰআইডিএফ ২০১৭-১৮ আঁচনিৰ অধীনত ৬ কোটি ২৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া আধাৰশিলা অনুষ্ঠান উপলক্ষে ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

এআইইউডিএফৰ যুৱ মৰ্চাৰ হোজাই জিলা সভাপতি আব্দুল হাই মীৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত স্থানীয় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷ সভাত  যমুনামুখ সমষ্টিৰ বিধায়ক হাফিজ আব্দুৰ ৰহিম আজমল, বি আৰ আম্বেদকাৰ হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল জলিল পাটৱাৰীয়ে ভাষণ দিয়ে ৷

উক্ত সভাত যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলে ভাষণ প্ৰসংগত কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দৰে এআইইউডিএফে সুতা, কম্বল আৰু আঁঠুৱাৰ ৰাজনীতি নকৰে ৷ এআইইউডিএফে ৰাইজৰ সৰ্বস্তৰৰ উন্নতিৰ ৰাজনীতি কৰে ৷

তেওঁ লগতে কয় যে আধাৰশিলা স্থাপন কৰা ৬ কোটি ৪৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া দলংখনে ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰে পৰা ৰাইজে দেখি থকা সপোন বাস্তৱত পৰিণত কৰিব ৷

উল্লেখ্য যে, এই দলংখনে ষোল্লখন গাঁৱৰ ৰাইজৰ মাজত সংযোগ স্থাপনত সহায় কৰিব ৷ যমুনা নদীৰ ওপৰৰ ডবকা-ৰাজবাৰী তথা হোজাই আৰু যমুনামুখ এই দুয়োটা সমষ্টিৰ মাজৰ সংযোগ স্থাপন কৰা অতি ব্যস্ততাপূৰ্ণ দলংখনৰ নিৰ্মাণ কৰাত স্থানীয় গঞা ৰাইজে বিধায়ক গৰাকীৰ লগতে সাংসদ বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলকো ধন্যবাদ জনায় ৷