NORTHEAST NOW (Assamese)

সোণাৰিত ডকাইতিৰ গোচৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ

February 17, 2019 10:42 am · এন ই নাও নিউজ

সোণাৰিৰ নামতোলা আৰক্ষীয়ে শনিবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সংগঠনটোৰ সদস্যকেইজনক ডাকইতিৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সদস্যকেইজনক ক্ৰমে প্লাৱন শৰ্মা, ছাহিল হুছেইন, পল্লৱজ্যোতি শৰ্মা আৰু জুৱেল হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। আনহাতে ডকাইতিৰ ঘটনাত জড়িত আন এঝন অভিযুক্ত সন্দীপ নেওগ পলাতক অৱস্থাত আছে। সন্দীপ নেওগ সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ সদস্য বুলি জানিব পৰা গৈছে।

আটাইকেজনকে নামতোলা আৰক্ষীয়ে মানিক মালাকাৰ নামৰ এজন ব্যৱসায়ীয়ে সংগঠনটোৰ সদস্যকেইজনে মালাকাৰৰ পৰা ধন লুট কৰা আৰু  তেওঁৰ চালকক প্ৰহাৰ কৰি বুলি দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। ঘটনাটো ২০১৮ চনৰ ১১ নৱেম্বৰত সংঘটিত হৈছিল।

Related News