মণিপুৰত দুই শিক্ষাৰ্থীক হত্যাৰ গোচৰত চিবিআইয়ে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আন দুজনক আটক কৰা হৈছে। যোৱা জুলাই মাহত শিক্ষাৰ্থী দুগৰাকীক হত্যা কৰাৰ অভিযোগ উঠিছে। যোৱা সপ্তাহত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল শিক্ষাৰ্থী দুগৰাকীৰ ছবি।
মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৫১ কিলোমিটাৰ নিলগৰ চুৰাচান্দপুৰৰ পৰা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তাতেই ৩ মে’ৰ পৰা কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত প্ৰথম সংঘৰ্ষ আৰম্ভ হৈছিল।
গ্ৰেপ্তাৰ কৰা চাৰিজনৰ ভিতৰত দুজন পুৰুষ আৰু দুগৰাকী মহিলা। আনহাতে, আটক কৰা দুয়োগৰাকীয়েই মহিলা। গ্ৰেপ্তাৰ হোৱা কেইজন হ’ল পাওমিনলুন হাওকিপ, মেলছন হাওকিপ, লিংনেইচং বাইটে আৰু টিন্নেইখোল। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত বাইটে মৃত ছাত্ৰীগৰাকীৰ বান্ধৱী আছিল।
লগতে পঢ়কঃ Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি
গ্ৰেপ্তাৰ হোৱাৰ পিছতে চিবিআইয়ে ছয়জনকে গুৱাহাটীলৈ লৈ আনে। সূত্ৰ অনুসৰি গ্ৰেপ্তাৰৰ খবৰ পাই ইম্ফল বিমানবন্দৰত বহু লোক সমবেত হ’বলৈ চেষ্টা কৰে। বিপদৰ আশংকাত আৰক্ষীয়ে খৰধৰকৈ তেওঁলোকক গুৱাহাটীলৈ লৈ আনে।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (এক্স টুইটাৰ) এক্সত লিখিছে, ‘অপৰাধ সংঘটিত কৰি কোনো লোক পলালেও আইনৰ হাতৰ পৰা সাৰি নাযায়। তেওঁলোকে কৰা অপৰাধৰ কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ আমি দৃঢ়প্ৰতিজ্ঞ।’
দেওবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বাংলাদেশ আৰু ম্যানমাৰৰ পৰা কিছু উগ্ৰপন্থীয়ে আহি কুকি বিদ্ৰোহীক সমৰ্থন কৰিছে। তাৰ বাবেই মণিপুৰ উত্তপ্ত হৈ আছে। তেওঁ লগতে কয় যে চলি থকা হিংসা আচলতে ৰাজ্য আৰু সন্ত্ৰাসবাদীৰ মাজত।
লগতে পঢ়কঃ অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ
যোৱা জুলাইৰ পৰা সন্ধানহীন হৈ আছিল নাবালক দুই ছাত্ৰী-ছাত্ৰী। ২৬ ছেপ্টেম্বৰত ছচিয়েল মিডিয়াত এখন ছবি প্ৰকাশ পাইছিল। দেখা যায় যে অৰণ্যত থকা সশস্ত্ৰ গোটৰ এটা শিবিৰত তেওঁলোক বহি আছে। দুয়োৰে বয়স ১৭ বছৰ। তেওঁলোকক হত্যা কৰাৰ অভিযোগ উঠিছে। অৱশ্যে তেওঁলোকৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। ঘটনা সন্দৰ্ভত চিবিআইয়ে তদন্ত আৰম্ভ কৰিছে।