• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 30, 2025 8:00 pm
282
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে গোলাঘাটত কংগ্ৰেছৰ আক্ৰমণৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোলাঘাটৰ পৰা নুমলীগড় শোধনাগাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ থকাৰ অৱস্থাত কংগ্ৰেছৰ প্ৰতিবাদ আৰু আক্ৰমণৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীগৰাকী। গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সমুখেৰে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়তে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে পথৰ কাষত ৰৈ কলা পতাকা প্ৰদৰ্শনেৰে বিভিন্ন বিজেপিবিৰোধী শ্লোগান দিয়ে।

কেৱল এয়াই নহয় মুখমন্ত্ৰীৰ কনভয়ৰ যিখন বাহনত মুখ্যমন্ত্ৰী উঠি গৈছিল সেইখন বাহনক লক্ষ্য কৰি এটা পানীৰ বটল নিক্ষেপ কৰে কংগ্ৰেছ কৰ্মীয়ে। জানিব পৰা মতে, মুখ্যমন্ত্ৰীক আক্ৰমণৰ চেষ্টা কৰা চাৰিগৰাকী লোকক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে। আটক কৰা সকলৰ ভিতৰত এগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সোমবাৰৰ দিনটোত গৰুখুঁটিৰ গীৰ গাই কেলেংকাৰী সন্দৰ্ভত ৰাজ্যজুৰি জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে।

কংগ্ৰেছ নেতা কৰ্মীসকলে জিলাই জিলাই ৰাজপথলৈ গৰুৰ জাক আনি ‘খেদ ঐ খেদ গৰু চোৰক খেদ, ধৰ ঐ ধৰ গৰু চোৰক ধৰ’ বুলি শ্লোগান দিছিল। গোলাঘাটতো দেখিবলৈ পোৱা গৈছিল এই আন্দোলন। কংগ্ৰেছৰ এই কাৰ্যসূচীৰ অংশ হিচাপেই গোলাঘাটত হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক কলা পতাকা দেখুৱাই ধৰ্ণা দিছিল দলটোৰ নেতা-কৰ্মী সকলে। তাৰমাজতে কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ গাড়ীলৈ পানী বটল দলিওৱা কাণ্ডক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কংগ্ৰেছৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “ পানীৰ বটলটো মোৰ গাত পৰা হ’লে ভাল আছিল। কংগ্ৰেছৰ ১২-১৩ জন ল’ৰাই মোক সমালোচনা নকৰিলে কেনেকৈ চলিব? তেওঁলোকে প্ৰতিবাদ নকৰিলে গুৱাহাটীত কি উত্তৰ দিব? ইমান গৰমত প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছৰ কৰ্মীসকলক সমবেদনা জনাব লাগে।”

লগতে গীৰ গাই সম্পৰ্কে কয় যে গীৰ গাইৰ পাছত লাগিছে, কিন্তু কোৰবানি দিয়া গৰুৰ পাছত কিয় নালাগে? ইয়াৰ উপৰিও কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ আদিয়ে গৰু খাই নে নাখায় বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd