NORTHEAST NOW (Assamese)

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

June 30, 2025 8:00 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

সোমবাৰে গোলাঘাটত কংগ্ৰেছৰ আক্ৰমণৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোলাঘাটৰ পৰা নুমলীগড় শোধনাগাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ থকাৰ অৱস্থাত কংগ্ৰেছৰ প্ৰতিবাদ আৰু আক্ৰমণৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীগৰাকী। গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সমুখেৰে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়তে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে পথৰ কাষত ৰৈ কলা পতাকা প্ৰদৰ্শনেৰে বিভিন্ন বিজেপিবিৰোধী শ্লোগান দিয়ে।

কেৱল এয়াই নহয় মুখমন্ত্ৰীৰ কনভয়ৰ যিখন বাহনত মুখ্যমন্ত্ৰী উঠি গৈছিল সেইখন বাহনক লক্ষ্য কৰি এটা পানীৰ বটল নিক্ষেপ কৰে কংগ্ৰেছ কৰ্মীয়ে। জানিব পৰা মতে, মুখ্যমন্ত্ৰীক আক্ৰমণৰ চেষ্টা কৰা চাৰিগৰাকী লোকক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে। আটক কৰা সকলৰ ভিতৰত এগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সোমবাৰৰ দিনটোত গৰুখুঁটিৰ গীৰ গাই কেলেংকাৰী সন্দৰ্ভত ৰাজ্যজুৰি জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে।

কংগ্ৰেছ নেতা কৰ্মীসকলে জিলাই জিলাই ৰাজপথলৈ গৰুৰ জাক আনি ‘খেদ ঐ খেদ গৰু চোৰক খেদ, ধৰ ঐ ধৰ গৰু চোৰক ধৰ’ বুলি শ্লোগান দিছিল। গোলাঘাটতো দেখিবলৈ পোৱা গৈছিল এই আন্দোলন। কংগ্ৰেছৰ এই কাৰ্যসূচীৰ অংশ হিচাপেই গোলাঘাটত হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক কলা পতাকা দেখুৱাই ধৰ্ণা দিছিল দলটোৰ নেতা-কৰ্মী সকলে। তাৰমাজতে কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ গাড়ীলৈ পানী বটল দলিওৱা কাণ্ডক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কংগ্ৰেছৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “ পানীৰ বটলটো মোৰ গাত পৰা হ’লে ভাল আছিল। কংগ্ৰেছৰ ১২-১৩ জন ল’ৰাই মোক সমালোচনা নকৰিলে কেনেকৈ চলিব? তেওঁলোকে প্ৰতিবাদ নকৰিলে গুৱাহাটীত কি উত্তৰ দিব? ইমান গৰমত প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছৰ কৰ্মীসকলক সমবেদনা জনাব লাগে।”

লগতে গীৰ গাই সম্পৰ্কে কয় যে গীৰ গাইৰ পাছত লাগিছে, কিন্তু কোৰবানি দিয়া গৰুৰ পাছত কিয় নালাগে? ইয়াৰ উপৰিও কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ আদিয়ে গৰু খাই নে নাখায় বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে।

Related News