উত্তৰাখণ্ডৰ ভয়াৱহ বান আৰু ভূমিস্খলনৰ ঘটনা। ভূমিস্খলন আৰু পানী জমা হৈ ৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কমেও ৫০ জন লোক সন্ধানহীন হৈ আছে।
ক্ষীৰগংগা নদীৰ অৱবাহিকাৰ এখন গাঁৱত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। পানীয়ে উটুৱাই লৈ গৈছে বাসগৃহ আৰু দোকান পোহাৰ।
দেৱভূমিৰ উত্তৰকাশীৰ ধৰালী গাঁৱৰ এই ভিডিঅ’টো দেখি কঁপি উঠিছে নেটিজেনসকল।
সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি গাঁওখনৰ বহু ঘৰৰ লগতে কমেও ২০-২৫খন হোটেল আৰু হোমষ্টে পানীত উটি গৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষীৰগংগা নদী পানীৰে উফন্দি পৰিছে।