বদ্ৰীনাথৰ সমীপতক্স সংঘটিত হৈছে ভয়ানক হিমস্খলনৰ ঘটনা। এই হিমস্খলনত ৪ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জাবিব পৰা গৈছে।
যদিও শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱালৈকে হিমস্খলনত আৱদ্ধ হৈ থকা ৪৭ জন শ্ৰমিকক উদ্ধাৰ কৰা হয়। কিন্তু এতিয়াও বৰফৰ তলত আৱদ্ধ হৈ আছে ৫ গৰাকী শ্ৰমিক।
প্ৰচণ্ড বৰফ, বৰষুণ, ভূমিস্খলনৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতে সেনাই উদ্ধাৰ অভিযান চলাইছে। কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰতিটো খোজতে বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী বাহিনী।
শনিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতি, উদ্ধাৰ প্ৰচেষ্টা আৰু বতৰৰ পৰিস্থিতিৰ বুজ লয়।
সংবাদমেলত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে শ্ৰমিকসকলক উদ্ধাৰৰ ক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে।
ইফালে, আজি পুৱাৰে পৰা কৰ্ণপ্ৰয়াগৰ সমীপত তুষাৰপাতৰ বাবে ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে। চামোলিৰ মানা গাঁৱত হোৱা হিমস্খলনৰ ফলত শুকুৰবাৰে পুৱাৰে পৰা বন্ধ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ।
চুবুৰীয়া ৰাষ্ট্ৰ হিমাচল প্ৰদেশতো চলি আছে একেধৰণৰ দুৰ্যোগৰ পৰিস্থিতি। ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ ফলত ৰাজ্যৰ অধিকাংশ জিলাতে জনজীৱন ব্যাহত হৈ পৰিছে। ৫টা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৫৮৩টাতকৈও অধিক পথ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। ২,২৬৩ টা বিদ্যুৎ পৰিবহন ট্ৰেন্সমিছন ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ ফলত খোৱাপানীৰ চৰম নাটনি হৈছে। বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে বৃহৎ অঞ্চলত পোহৰৰ অভাৱ হৈছে। বিভিন্ন স্থানত বানপানী, ভূমিস্খলন, হিমস্খলন আদি সংঘটিত হৈছে। কুল্লুকে ধৰি ওপৰৰ পাহাৰীয়া অঞ্চলত এতিয়াও বৰষুণ আৰু তুষাৰপাত অব্যাহত আছে।