ধুবুৰীৰ বিলাসীপাৰাত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ফটো।

ধুবুৰীৰ বিলাসীপাৰাৰ হাজাৰিপাৰা গড়কপ্তানি পথত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনাত চাৰিজন লোক নিহত হয়।

এই ঘটনাত দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে আৰু ইয়াৰে এখন মটৰ চাইকেলত তিনিজন লোক উঠি আহিছিল।

মটৰ চাইকেলখনত থকা তিনিজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আনখন মটৰ চাইকেল চলোৱা চতুৰ্থজন লোক গুৰুতৰভাৱে আহত হৈছিল। পিছত তেওঁৰো মৃত্যু হয়।

লগতে পঢ়ক: পোহনীয়া ভাটৌ চৰাই হত্যাৰ অপৰাধত দুগৰাকী মহিলাক দিয়া হ’ল ২৫ মাহৰ কাৰাদণ্ড

নিহত কেইজন হৈছে নূৰবক্ত খান, জহিনুৰ খান, আবু বক্কৰ ছিদ্দিক আৰু মহম্মদ হুছেইন। ইয়াৰে নুৰবক্ত খান আৰু জাহিনুৰ খানৰ ঘৰ বিলাসীপাৰাৰ মাছপাৰাত। আনহাতে, নুৰমহম্মদ হুছেইন আৰু আবু ছিদ্দিকৰ ঘৰ ফকিগ্ৰামৰ পাকিৰতল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত KTM বাইক দুখন তীব্ৰ গতিৰে আহি মুখামুখি সংঘৰ্ষত লিপ্ত হয় যাৰ ফলত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। জানিব পৰা মতে, বাইক আৰোহী কেইজনৰ এজনেও হেলমেট পৰিধান কৰা নাছিল।

লগতে পঢ়ক: চন্দ্ৰৰ মাটিত ভূমিকম্প! এক ‘প্ৰাকৃতিক’ পৰিঘটনা ৰেকৰ্ড কৰিলে চন্দ্ৰযান-৩ৰ লেণ্ডাৰে

দুৰ্ঘটনাটোৰ পিছতে মটৰ চাইকেল দুখন আৰক্ষীয়ে জব্দ কৰি তদন্ত আৰম্ভ কৰে।