এটা ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি বাংলাদেশত আৰক্ষী-জনতাৰ সংঘৰ্ষ; চাৰিজন লোক নিহত

Bangladesh-clash

এটা ফেচবুক প'ষ্টক কেন্দ্ৰ কৰি বাংলাদেশৰ ভোলাত আৰক্ষী-জনতাৰ মাজত সংঘৰ্ষ।

হজৰত মহম্মদক লৈ এটা বিতৰ্কিত ফেচবুক প’ষ্টে বাংলাদেশৰ পৰিৱেশ উত্তাল কৰি তুলিছে। উক্ত ফেচবুকৰ প’ষ্টৰ প্ৰতিবাদত সমবেত হোৱা এদল উন্মত্ত লোকৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে।

আৰক্ষীৰ গুলীচালনাৰ ফলত চাৰিজন লোক নিহত হয়। দেওবাৰে বাংলাদেশৰ দক্ষিণত অৱস্থিত ভোলাৰ বোৰহানুদ্দিনত এই ঘটনা সংঘটিত হৈছে।

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত লগতে শতাধিক লোক আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত বিজিবিৰ ৪টা কোম্পানী নিয়োগ কৰা হৈছে।

এটা কোম্পানীক ততাতয়াকৈ হেলিকপ্টাৰেৰে নি ঘটনাস্থলীত উপস্থিত কৰোৱা হয়। বাকী তিনিটা কোম্পানী স্থলপথেৰে গৈ তাত উপস্থিত হয়।

জানিব পৰা মতে, এটা ফেচবুক প’ষ্টত হজৰত মহম্মদ আৰু ইছলামক উপলুঙা কৰাৰ অভিযোগ উত্থাপন হয়। ইয়াক কেন্দ্ৰ কৰি একাংশ লোক ক্ষুব্ধ হৈ পৰে।

ভোলাৰ বোৰহানুদ্দিন অঞ্চলত ৰাতিপুৱা ১১ বজালৈকে প্ৰতিবাদকাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ উন্মত্ত জনতাৰ সৈতে বাৰে বাৰে সংঘৰ্ষত লিপ্ত হৈ পৰে।

আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰীসকলে শিলাবৰ্ষণ কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমতে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰু যদিও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত গুলী চালনা কৰে।

এই সংৰ্ঘষৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়।

সূত্ৰসমূহৰ খবৰ অনুসৰি, ভোলাৰ কাচিয়া য়ুনিয়নৰ বাসিন্দাৰ বিপ্লৱ নামৰ এজন যুৱকে হজৰত মহম্মদ আৰু ইছলামক উপলুঙা কৰি এটা ফেচবুক প’ষ্ট দিয়ে। ইয়াৰ পাছতে বিষয়টোক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়।

ইয়াৰ মাজতে আৰক্ষীয়ে উক্ত যুৱকজনকে ধৰি দুজনক গ্ৰেপ্তাৰ কৰে। ইপিনে, ফেচবুক প’ষ্টটোৰ প্ৰতিবাদত দেওবাৰে স্থানীয় মুছলমান সংগঠনে প্ৰতিবাদী সমাৱেশৰ আহ্বান দিয়ে।

প্ৰতিবাদকাৰীসকলে বোৰহানুদ্দিনত এখন প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰিবলৈ বিচৰাত আৰক্ষীয়ে বাধা দিয়ে। ইয়াতেই দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে।