NORTHEAST NOW (Assamese)

কাজিৰঙা লাইভৰ চতুর্থ বৰ্ষপূৰ্তি; চাৰি গৰাকী ব্যক্তিলৈ বিশেষ সম্বৰ্ধনা

October 29, 2021 8:49 am · উত্তম শইকীয়া, বোকাখাত
ফটো: নৰ্থইষ্ট নাও।

কাজিৰঙাৰ অন্যতম ৱেব পৰ্টেল ‘কাজিৰঙা লাভ ২৪/৭’ৰ চতুৰ্থ বৰ্ষপূৰ্তি বৃহস্পতি বাৰৰ দিনা কাজিৰঙাৰ কহঁৰাত থকা পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতেই কাজিৰঙা লাইভৰ মূখ্য সম্পাদক ভবানন্দ কলিতাৰ পৌৰহিত্যত এক সভা অনুষ্ঠিত হয় ৷

সভাত কাৰ্যবাহী সম্পাদক পলিমা চেতিয়া বসুমতাৰীয়ে উদেশ্য ব্যাখ্যা কৰে৷

সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

তদুপৰি, অৱসৰপ্ৰাপ্ত বন বিষয়া চিন্ময় ধৰ, সমাজকৰ্মী ফটিক বৰা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নিলু আচাৰ্য, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, অধিবক্তা কিশোৰ চেত্ৰী, ছাত্র নেতা গীতাৰ্থ শইকীয়া আদিয়েও সভাত অংশগ্ৰহণ কৰে ৷

এই অনুষ্ঠানতে সাহিত্যৰ ক্ষেত্রত বৰঙণি আগবঢ়োৱা বেকাখাতৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিজৰা বৰঠাকুৰ, কৃষক ললিত দত্ত, চিত্ৰশিল্পী লিপি পাঠক আৰু সাংবাদিকতাৰ বাবে প্ৰিয়মদ্বীপ কাকতিক ক্ৰমে, চেলেং, গামোচা, স্মাৰক, মানপত্ৰ আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। লগতে লিপি পাঠকলৈ আৰ্থিক সাহায্যও আগবঢ়োৱা হয়।    

অনুষ্ঠানত কাজিৰঙা লাইভৰ দ্বাৰা সম্প্ৰসাৰিত বাতৰিৰ কিয়দাংশ দৃশ্য শ্ৰব্য মাধ্যমৰে প্ৰদৰ্শন কৰা হয়।

দিব্যজোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত কাজিৰঙা লাইভ পৰিয়ালৰ হৈ বিতোপন বৰা, ধ্ৰুৱজ্যোতি সাহা, কিষান ছেত্ৰী বিতোপন মাঝিয়ে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Related News