NORTHEAST NOW (Assamese)

অসমত আজি চিনাক্ত চাৰিজন ক’ভিড-১৯ আক্ৰান্ত

May 7, 2020 10:12 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

অসমত আজিৰ দিনটোত চাৰিজনকৈ ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

কাছাৰৰ চাৰিজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ।

ৰাজস্থানৰ আজমেৰৰ পৰা এখন বাছত কালি এইকেইজন লোক শিলচৰত আহি উপস্থিত হৈছিল।

উক্ত বাছখনত অহা এজন লোক ইতিমধ্যে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছিল।

বাছখনত অহা ৪২গৰাকী যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক কাছাৰ জিলা প্ৰশাসনে হ’ম কুৱাৰেণ্টাইন কৰিছে।

তাৰোপৰি জিলাখনৰ এঘাৰখন গাঁৱক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

অসমত বৰ্তমানলৈকে ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৪৯ গৰাকী লোক।

তাৰে এজন লোকে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে ৩৪ জনে আৰোগ্য লাভ কৰিছে।

বৰ্তমান ১৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Related News