জোনমণি ৰাভাৰ মৃত্যু ৰহস্য: মুখ্য কাৰ্যালয়ত “ক্ল’জ” কৰা হ’ল চাৰিজন আৰক্ষী বিষয়াক

আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত তদন্ত অব্যাহত থকাৰ সময়তে শুকুৰবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত চাৰিজন বিষয়াক “ক্ল’জ” কৰি দিয়া হয়।

বিশেষ ডিজিপি হৰমিত সিঙে স্বাক্ষৰ কৰা এক নিৰ্দেশত লিখা হৈছে, “জখলাবন্ধা আৰক্ষী থানা গোচৰ নং ৮৪/২৩ ইউ /এছ ২৭৯/৪২৭/৩০৪(এ) আই পি চি, আৰক্ষী থানা গোচৰ নং ৪৪৩/২৩, ইউ /এছ ৪৮৯(এ)/৪৮৯(বি) আই পি চি, জখলাবন্ধা আৰক্ষী থানা গোচৰ নং  ৮৭/২৩ ইউ/এছ ১২০বি/৩০২/৩৪ আই পি চি আৰু উত্তৰ লখিমপুৰ আৰক্ষী থানা গোচৰ নং ১৮৩/২৩ ইউ/এছ ১২০বি/৩৯৫/৩৯৭/৩৪২ /৩৮৭ আইপিচি-গোচৰকেইটাৰ স্বচ্ছ তদন্তৰ স্বাৰ্থত তলত উল্লেখ কৰা বিষয়া সকলক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত ‘ক্ল’জ’ কৰি দিয়া হৈছে।”

লগতে পঢ়ক: আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

“ক্ল’জ” কৰা বিষয়া কেইজন হৈছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপজ্যোতি কলিতা, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, আৰক্ষী পৰিদৰ্শক মনোজ ৰাজবংশী, আৰক্ষী পৰিদৰ্শক ভাস্কৰ কলিতা (ভাৰপ্ৰাপ্ত বিষয়া উত্তৰ লখিমপুৰ আৰক্ষী থানা) আৰু সঞ্জীব বৰা (ভাৰপ্ৰাপ্ত বিষয়া নাওবৈছা আৰক্ষী চকী)।

নিৰ্দেশটোত আৰু কোৱা হৈছে, “তেওঁলোকে তৎক্ষণাত দায়িত্ব ত্যাগ কৰি অসম আৰক্ষী মুখ্য কাৰ্যালয়ত ৰিপ’ৰ্ট কৰিব।”

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শুকুৰবাৰে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই কন্যাৰ ‘ৰহস্যজনক’ মৃত্যুৰ সৈতে জড়িত এখন এফআইআৰ দাখিল কৰিছিল। তেওঁ নগাঁও জিলাৰ জখলাবন্ধা থানাত দাখিল কৰে এই এফ আই আৰ।

এফ আই আৰত সুমিত্ৰা ৰাভাই ১৬ মে’ৰ পুৱতি নিশা নিজৰ কন্যা অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুত সন্দেহৰ আঙুলি তুলি বিতং তদন্তৰ দাবী জনায়।

সুমিত্ৰা ৰাভাইও দাবী কৰে যে তেওঁৰ কন্যা অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু “পূৰ্ব পৰিকল্পিত হত্যা”।

এফ আই আৰত সুমিত্ৰা ৰাভাই দাবী কৰে যে, ‘মই নিশ্চিত যে তাইৰ (জোনমণি ৰাভাৰ) মৃত্যু কোনো দুৰ্ঘটনাৰ ফলত নহয়, পূৰ্ব পৰিকল্পিত হত্যাকাণ্ডৰ ফলতহে হৈছে।‘

এফআইআৰত তেওঁ কয় যে, “মই জোনমণিৰ শৰীৰত কেইবাটাও আঘাতৰ চিন লক্ষ্য কৰিলোঁ, যিয়ে তেওঁক ৰড বা আন এনে ভোটা বস্তুৰ দ্বাৰা আক্ৰমণৰ বলি হোৱাৰ ইংগিত দিয়ে।”

লগতে পঢ়ক: জোনমণি ৰাভাৰ লগতে অসম আৰক্ষীৰ হাতত অভিযুক্তৰ মৃত্যুৰো চিবিআই তদন্ত হওক: ৰাইজৰ দল

তেওঁ লগতে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা তেওঁৰ সন্মতি অবিহনে কৰা বুলিও অভিযোগ কৰে।

ইপিনে, মৃত অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৰণোত্তৰ প্ৰতিবেদনত পোহৰলৈ আহিছে কেইবাটাও হাড় কঁপোৱা তথ্য।

এই তথ্যসমূহে সমগ্ৰ খণ্ডটোৰ কেইবাটাও অন্ধকাৰ দিশত পোহৰ পেলাইছে যিয়ে “পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড”ৰ ইংগিত দিয়ে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি পৰীক্ষাৰ সময়ত মৃতদেহটোৰ বেছিভাগ অংশতে একাধিক আঘাত আৰু দাগ পোৱা গৈছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে একো নাজানে! হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাৰ ক’লা অধ্যায়!

২৪ ঘণ্টাৰ ভিতৰত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত জোনমণি ৰাভাৰ শৰীৰৰ দুয়োফালে একাধিক হাড়ৰ ভাঙি যোৱাৰ কথা পোহৰলৈ আহিছে।

দুয়োটা আঁঠু, ভৰি, কঁকাল আৰু হাতৰ ওপৰত আঘাতৰ চিন লক্ষ্য কৰা হৈছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।